ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো অসম সাহিত্য সভাৰ আহ্বানত শিৱসাগৰ জিলা সাহিত্য সভাই দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
শিৱসাগৰ জিলা সাহিত্য সভাৰ বহু সদস্যই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ১ বজালৈ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জড়িয়তে শিৱসাগৰ জিলা সাহিত্য সভাই জিলা উপায়ুক্তৰ যোগেদি ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে কয়, অসমৰ ভাষা সংস্কৃতি তথা অসমীয়া জাতিৰ বিপদ আনিব লগীয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জাতীয় দল সংগঠনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যই বিৰোধিতা কৰিছে।
অসম সাহিত্য সভাইও ইয়াৰ বিৰোধিতা কৰিছে আৰু অসম সাহিত্য সভাৰ সভাপতি সম্পাদকৰ আহ্বানত আজি সমগ্ৰ ৰাজ্যত এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে। বিধেয়ক খন সংসদত গৃহীত নকৰিবৰ বাবে প্ৰধানমন্ত্ৰীক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সাহিত্য সভাই।












