ছানী দেউলৰ পুত্ৰৰ বিয়াত (Sunny Deol’s son’s wedding) অতিথিৰ আসন শুৱনি কৰিলে বলীউডৰ তাৰকাসকলে। আমিৰ খান (Amir Khan)ৰ পৰা আৰম্ভ কৰি ৰণবীৰ সিং, দীপিকা পাডুকন, সুনীল শ্বেট্টী, অনুপম খেৰ, জেকী শ্ৰফ— বহুতকে তাত দেখা গʼল। কিন্তু চৰ্চাৰ কেন্দ্ৰবিন্দু ছলমান খান। ‘ভাইজান’-এ ছানী-পুত্ৰ কৰ্ণ দেউলৰ অভ্যৰ্থনাত প্ৰৱেশ কৰি কেমেৰাৰ সন্মুখত প’জ দিয়ে। কিন্তু তেওঁৰ পৰিশ্ৰান্ত চকুৰ তলৰ ফুলাখিনি অনুৰাগীসকলে নজৰত পৰে।
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ছলমান খান (Salman Khan)ৰ সেই ছবি। “ছলমানৰ কি হ’ল? বেমাৰ হৈছে নেকি?” এজন ব্যক্তিয়ে মন্তব্য কৰে। আন কোনোবাই লিখিছে, “ৰাতি শুৱা নাছিল নেকি?” কোনোবাই আকৌ দাবী কৰে, “তেওঁ নিশ্চয় বেছিকৈ মদ খাইছিল!” গাঢ় নীলা ৰঙৰ চুট-পেণ্ট পিন্ধি ছলমানক বৰ ধুনীয়া দেখা গৈছিল। চকুৰ তলত জমা হোৱা ক্লান্তিয়ে অৱশ্যে অনুৰাগীক চিন্তিত কৰি তুলিছিল।
বৰ্তমান ছলমান ‘বিগ বছʼৰ দায়িত্ব চম্ভালিবলৈ যথেষ্ট ব্যস্ত হৈ পৰিছে। বহুতে ভাবে যে তেওঁৰ চেহেৰাৰ পৰিৱৰ্তনৰ কাৰণ এইটোৱো হʼব পাৰে। যোৱা শনিবাৰে ছলমানে ‘বিগ বছ অʼটিটি ২’ ৰিয়েলিটি শ্ব’ লৈ উপস্থিত হৈছিল। বহুদিনৰ পৰাই প্ৰিমিয়াৰ এপিছ’ড চলি আছে। প্ৰতিদ্বন্দ্বী নিৰ্বাচন পৰ্যায়, প্ৰাৰম্ভিক আলোচনা ইত্যাদি। ছলমান আয়োজক। এই শ্ব’ৰ জৰিয়তেহে ছলমানে প্ৰথমে অʼটিটি প্লেটফৰ্মত কাম আৰম্ভ কৰিছিল।
ইমান বছৰে টেলিভিছন চেনেল কোম্পানীসমূহৰ বাবে টিআৰপি বৃদ্ধিৰ অন্যতম মূল চালক হিচাপে পৰিগণিত হোৱা ৰিয়েলিটি শ্ব’টোৱে এতিয়া টিভিৰ পৰ্দাৰ পৰা অʼটিটি প্লেটফৰ্মলৈ আগবাঢ়িছে। গতিকে বৰ্তমান ‘ভাইজান’ টেলিভিছন আৰু অʼটিটি দুয়োটা পক্ষ চম্ভালি লোৱাত ব্যস্ত।
‘বিগ বছ’ মানেই বিতৰ্ক। কিন্তু যি বিতৰ্কই নহওক কিয়, ‘বিগ বছ অʼটিটি’ শ্বʼটোৱে ভাৰতীয় সংস্কৃতিৰ মূল্যবোধক ভেঙুচালি কৰিবলৈ নিদিয়ে বুলি আশ্বাস দিয়ে ছলমানে। প্ৰচাৰলৈ আহি তেওঁ কয়, “দৰ্শকৰ আশাৰ প্ৰতি মই সচেতন। ইয়াত এনেকুৱা একো নহʼব যিয়ে ভাৰতীয় সংস্কৃতি কলুষিত কৰিব।”