কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই (CBI) ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ (Bharat Sanchar Nigam Limited) প্ৰাক্তন জেনেৰেল মেনেজাৰকে ধৰি ২১জন বিষয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত গোচৰ ৰুজু কৰে। শুকুৰবাৰে এই গোচৰৰ সৈতে জড়িত ২৫টা স্থানত চিবিআইৰ বিষয়াসকলে তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে, অভিযুক্ত বিষয়াসকলে এজন ঠিকাদাৰৰ সৈতে ষড়যন্ত্ৰ কৰি এটা কামৰ বাবে আবণ্টিত ধনৰ প্ৰবঞ্চনা কৰিছিল। ফলত বিএছএনএলৰ (BSNL) লোকচান হৈছে প্ৰায় ২২ কোটি টকা।
[caption id="attachment_103093" align="alignnone" width="650"] CBI books 21 senior BSNL officials for graft:[/caption]
তদন্তকাৰী সংস্থাটোৰ মতে, বিএছএনএলৰ এই ২১জন বিষয়াই অসমত কৰ্মৰত আছিল। এই তালিকাত যোৰহাট, শিৱসাগৰ, গুৱাহাটীকে ধৰি বিভিন্ন স্থানৰ এজন প্ৰাক্তন জেনেৰেল মেনেজাৰ, ডেপুটি জেনেৰেল মেনেজাৰ, সহকাৰী জেনেৰেল মেনেজাৰ আৰু মুখ্য একাউণ্ট বিষয়াৰ নাম সন্নিবিষ্ট কৰা হৈছে। অভিযুক্ত বিষয়াসকলৰ উপৰি এফআইআৰত এজন ঠিকাদাৰৰ নামো উল্লেখ কৰা হৈছে যিজন বিএছএনএলৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয় বুলি চিবিআইৰ সূত্ৰই প্ৰকাশ কৰিছে।

চিবিআইৰ এগৰাকী মুখপাত্ৰই এক বিবৃতিত কয়, "এজন ঠিকাদাৰক অপটিকেল ফাইবাৰৰ কামৰ দায়িত্ব দিয়া হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ঠিকাদাৰে নিজৰ কাম সঠিকভাৱে নকৰিলে। তদুপৰি, তেওঁ বিভিন্ন অচিলাত সংগঠনটোৰ পৰা অতিৰিক্ত ধন লৈছে। অভিযোগ অনুসৰি, এই ঘটনাত ২১ জন বিষয়া জড়িত আছিল। ফলত বিএছএনএলৰ প্ৰায় ২২ কোটি টকাৰ লোকচান হৈছে।”সূত্ৰসমূহে লগতে জনোৱা মতে, এফআইআৰ দাখিল কৰাৰ পিছত শুকুৰবাৰে চিবিআয়ে অসম, বিহাৰ, পশ্চিমবংগ, ওড়িশা, হাৰিয়ানাৰ অভিযুক্তৰ কাৰ্যালয় আৰু বাসগৃহকে ধৰি ২৫টা স্থানত তালাচী চলায়।