![]()
একেলগে ৭০ হাজাৰতকৈ অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিলে। মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে ৭০ হাজাৰ ১২৬জন প্ৰাৰ্থীক ভাৰ্চুৱেলি নিযুক্তি-পত্ৰ প্ৰদান (Issuing appointment letters virtually) কৰে। নৱপ্ৰজন্মক নিযুক্তি-পত্ৰ প্ৰদান কৰি নৰেন্দ্ৰ মোডীয়ে পূৰ্বৰ ইউপিএ চৰকাৰক কটাক্ষ কৰি কয় যে পৰিয়ালকেন্দ্ৰিক দলটোৱে চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি আৰু নেপটিজিমক অগ্ৰাধিকাৰ দি যুৱক-যুৱতীসকলক বঞ্চিত কৰিছে।
আজিৰ নিযুক্তি-পত্ৰ বিতৰণৰ বিষয়টোক সন্মুখত ৰাখি মোডীয়ে কয়, “এই নিয়োগ অভিযান স্বচ্ছতা আৰু সুশাসনৰ প্ৰমাণ।” লগতে তেওঁ কয় যে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছৰে পৰা নিযুক্তি প্ৰক্ৰিয়াত স্বচ্ছতা দেখা গৈছে। নেপোটিজম শেষ হৈ গৈছে। এদশক আগৰ তুলনাত এতিয়া দেশখন বহু বেছি সুস্থিৰ, নিৰাপদ আৰু শক্তিশালী। লগতে তেওঁ কয় যে মুদ্ৰা যোজনা, ষ্টাৰ্ট আপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়াৰ দৰে পদক্ষেপে যুৱপ্ৰজন্মৰ সম্ভাৱনা অধিক উজ্জ্বল কৰি তুলিছে। মন কৰিবলগীয়া যে এই পৰ্যন্ত ৰোজগাৰ মেলাৰ জৰিয়তে ৪ লাখ ২৯ গৰাকী প্ৰাৰ্থীক ৫টা পৰ্যায়ত নিয়োগ-পত্ৰ প্ৰদান কৰা হৈছে।











