ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰত ঐক্য সেনাৰ অৰ্দ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰ চহৰৰ দ’লমুখ চাৰি আলিত ঐক্য সেনা অসমৰ বহু নেতা কৰ্মীয়ে আৰ্দ্ধ উলংগ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, সৰ্বানন্দ সোনোৱাল, অতুল বৰাৰ প্ৰতিচ্ছবি দাহ কৰে।

আনহাতে ঐক্য সেনা অসমে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। গাঁৱে গাঁৱে গৈ ৰাইজৰ মাজত কেবৰ বিৰুদ্ধে সজাগ কৰাৰ লগতে অহা ৯ নৱেম্বৰত বিজেপি নেতা কৰ্মীৰ গৃহ ঘোৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব।













