ASSAM TIMES POST
অৰূপ ডেকাঃ অগপ দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক শেহতীয়াকৈ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় চৰকাৰে। জানিব পৰা মতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ অৰ্থাৎ কেবৰ বিৰুদ্ধে দৃঢ় স্থিতি গ্ৰহণ কৰাৰ সমান্তৰালকৈ অগপৰ নেতৃত্বক সমালোচনা কৰাৰ বাবে কেন্দ্ৰৰ আক্ৰোশৰ বলি হৈছে। কেন্দ্ৰই প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক নিৰাপত্তা প্ৰদান কৰি অহা এন এছ জি প্ৰত্যাহাৰ কৰিবলৈ আগবাঢ়িছে।
ইতিমধ্যে কেন্দ্ৰই মহন্তৰ বিৰুদ্ধে ভাবুকি, প্ৰয়োজনীয়তাকে সামৰি আইনী সমস্যাসহ সকলো দিশ পৰ্যালোচনা কৰিছে বুলি এক সূত্ৰই জানিবলৈ দিয়ে। মন কৰিব লগীয়া যে মুখ্যমন্ত্ৰী হৈ থকা কালত প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে লোৱা পদক্ষেপৰ বাবে কেন্দ্ৰই এন এছ জি নিৰাপত্তা দিছিল৷ স্মতৰ্ৱ্য যে ইতিপূৰ্বেও প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ এন এছ জি কেন্দ্ৰই প্ৰত্যাহাৰ কৰিছিল যদিও আদালতৰ হস্তক্ষেপত কেন্দ্ৰৰ সিদ্ধান্ত বাতিল হৈছিল।
উল্লেখ্য যে বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ইতিমধ্যে আক্ৰোশমূলকভাৱে ছোনিয়া গান্ধী, প্ৰিয়ঙ্কা গান্ধী, ৰাহুল গান্ধীৰ এছ পি জি প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰৰ এনে কাৰ্যক সচেতন মহলে গৰিহণাৰ লগতে ধিক্কাৰ দিয়া পৰিলক্ষিত হৈছে।