
ৰাজস্থানৰ জয়ছালমেৰ (Jaisalmer of Rajasthan)ৰ সমীপত সংঘটিত গাড়ী দুৰ্ঘটনা (Car accident)ত মৃত্যু হয় সেনাৰ এজন মেজৰ (death of an army major)ৰ। আনহাতে, আহত হয় দুজন লেফটেনেণ্ট পৰ্যায়ৰ বিষয়া। বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা।
আৰক্ষীৰ সূত্ৰ অনুসৰি, জয়ছালমেৰৰ পৰা ৬ কিলোমিটাৰ দূৰত্বত সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন এছ ইউ ভি গাড়ীত চহৰৰ পৰা শিবিৰলৈ উভতি আহিছিল তিনিজন সেনা বিষয়া। সেনা শিবিৰৰ পৰা কিছু দূৰৈত সেনাবাহিনীৰ বাহনখনৰ উটৰ সৈতে সংঘৰ্ষ হয়। হঠাৎ উটটো গাড়ীৰ সন্মুখত আহি উপস্থিত হোৱাত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। ইয়াৰ পিছত পাঁচ লুটি খায়। চেপেটা হৈ পৰা গাড়ীখনৰ ভিতৰত আবদ্ধ হৈ পৰে সেনা বিষয়া তিনিজন।

স্থানীয় লোকে গাড়ীখন দেখি উদ্ধাৰৰ কাম আৰম্ভ কৰে। আৰক্ষীকো মাতি অনা হয়। সেনাবাহিনীও উক্ত স্থানত উপস্থিত হয়। ইয়াৰ পিছতে গাড়ীৰ ভিতৰৰ পৰা গুৰুতৰভাৱে আহত তিনিজন লোকক উদ্ধাৰ কৰে। তিনিওজনকে জয়ছালমেৰৰ সেনা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসাৰ সময়তে মৃত্যু হয় মেজৰ হামজা আৰিফৰ। আহত লেফটেনেণ্ট অভিনৱ ৰাথোৰ আৰু আয়ুসমান গুছেইন চিকিৎসাধীন হৈ আছে।
জয়ছালমেৰ সদৰ থানাৰ এ এছ আই জগদীশ চৰণে জনোৱা মতে, বৃহস্পতিবাৰে নিশা গাড়ী দুৰ্ঘটনাৰ খবৰ পোৱা গৈছে। সেই স্থানত আৰক্ষী উপস্থিত হোৱাৰ লগে লগে এটা উট মৃত অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। পথৰ কাষত পৰি আছিল এখন গাড়ী। ইয়াৰ পিছতে গাড়ীৰ ভিতৰৰ পৰা তিনিজন লোকক উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে এবছৰ পূৰ্বে এই একে ঠাইতে এখন বাছত জুই লাগি ২৯ জন যাত্ৰীৰ মৃত্যু হৈছিল।











