ASSAM TIMES POST
আছিফ আলি, শিৱসাগৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। শিৱসাগৰ চহৰৰ মুক্তিনাথ চাৰিআলিত জিলাখনৰ শতাধিক নেতাকৰ্মীয়ে বিক্ষোভ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।

কেব আমি নামানো, জাতি আজি ৰাজপথত, সৰ্বানন্দ সোনোৱালৰ লাজ নাই, বিজেপি গ’ বেক, নৰেন্দ্ৰ মোডী হায় হায়, অমৃত শ্বাহ মুৰ্দাবাদ, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

এই বিক্ষোভ কাৰ্যসূচীত আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ ফুকন, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানৱজ্যোতি কলিতা, সম্পাদক দীপাংকৰ শইকীয়াকে ধৰি শতাধিক নেতাকৰ্মীয়ে অংশ গ্ৰহণ কৰে।













