বলীউডৰ চলিত বছৰটো আৰম্ভ হৈছে ব্লকবাষ্টাৰ ছবিৰে। ‘পাঠান’ৰ সৌজন্যত দৰ্শক পুনৰ প্ৰেক্ষাগৃহলৈ উভতি আহে। বক্স অফিচৰ ব্যৱসায়িক নম্বৰ তাৰ প্ৰমাণ। যশৰাজ ফিল্মছৰ ‘পাঠান’-এ বিশ্বজুৰি বক্স অফিচত প্ৰায় ১১০০ কোটি টকা উপাৰ্জন কৰিছে। ‘পাঠান’ৰ পিছত এইবাৰ যশৰাজ ফিল্মছ ‘টাইগাৰ ৩’ৰ বাবে সাজু হৈছে। ‘পাঠান’ৰ দৰেই শ্বাহৰুখ খান আৰু ছলমান খান (Shah Rukh Khan and Salman Khan) ‘টাইগাৰ ৩’ত (‘Tiger 3’) একেটা ফ্ৰেমতে (In the same frame) ধৰা পৰিবলৈ গৈ আছে।
শ্বাহৰুখ আৰু ছলমানৰ যুটিটোৱে দৰ্শকৰ লগতে তাৰকা দুগৰাকীৰ অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰে। যশৰাজৰ পৰিচালক আদিত্য চোপ্ৰাই কৰণ-অৰ্জুন যুটিৰ জনপ্ৰিয়তাৰ ব্যৱহাৰ কৰিব বিচাৰিছে। ইয়াৰ উপৰি ‘পাঠান’ আৰু ‘টাইগাৰ’ ফ্ৰেঞ্চাইজিত ছবিসমূহৰ সফলতাৰ বাবে আজিকালি যশৰাজ ফিল্মছে একচন ধাৰাটোৰ প্ৰতি অধিক গুৰুত্ব দিছে। ‘টাইগাৰ ৩’ৰ পিছত এইবাৰ আদিত্য চোপ্ৰাই ‘পাঠান ভাৰ্চেচ টাইগাৰ’ ছবিখনৰ পৰিকল্পনা কৰিছে। ছবিখনৰ পৰিচালককো চূড়ান্ত কৰা হৈছে। ‘পাঠান’ৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ হাতত আছে ‘পাঠান ভাৰ্চেচ টাইগাৰ’ ছবি। ছবিখনৰ পাৰিশ্ৰমিক হিচাপে সিদ্ধাৰ্থই কিমান টকা পাইছে?
খবৰ অনুযায়ী, ‘পাঠান’ৰ সফলতাৰ পিছত পৰিচালক সিদ্ধাৰ্থ আনন্দে নিজৰ মূল্য বৃদ্ধি কৰিছে। তেওঁৰ ওপৰত শ্বাহৰুখ আৰু ছলমানৰ দৰে দুগৰাকী আগশাৰীৰ তাৰকাক এখন ছবিত পৰিচালনা কৰাৰ দায়িত্ব। যশৰাজেও সিদ্ধাৰ্থৰ পাৰিশ্ৰমিকত কোনো অভাৱ হোৱাটো নিবিচাৰে। জানিব পৰা মতে, ‘পাঠান ভাৰ্চেচ টাইগাৰ’ ছবিখনৰ বাবে সিদ্ধাৰ্থই প্ৰায় ৪০ কোটি টকা লাভ কৰিছে। এই পৰিসংখ্যা বলীউডত এজন পৰিচালকৰ এতিয়ালৈকে সৰ্বাধিক অঙ্ক। হৃতিক ৰোশনৰ ‘War 2’ৰ বাবে লাভ কৰিছে ৩২ কোটি টকা অয়ন মুখাৰ্জীয়ে।
দক্ষিণৰ পৰিচালক এটলীৰ ‘জৱান’ৰ কাম শেষ কৰি ৰাজকুমাৰ হিৰানীৰ ‘ডাংকি’ ছবিৰ শ্বুটিঙলৈ উভতিব শ্বাহৰুখ খান। আনহাতে, অহা বছৰ এই ছবিখনৰ বাবে ছলমান খানে কৰণ জোহৰ আৰু ধৰ্ম প্ৰডাকচনৰ সৈতে যোগদান কৰিছে। দুখন ছবিৰ কাম আগবঢ়াই নিয়াৰ পিছতহে ‘পাঠান ভাৰ্চেচ টাইগাৰ’ ছবিৰ ছেটত লগ হʼব বলীউডৰ তাৰকা দুগৰাকী।