দুয়োৰে বয়সৰ পাৰ্থক্য ১২ বছৰ। মালাইকা অৰোৰা (Malaika Arora) এটি সন্তানৰ মাতৃও। অভিনেতা অৰ্জুন কাপুৰ (Arjun Kapur)ৰ সৈতে সম্পৰ্কৰ প্ৰাৰম্ভিক দিনত মালাইকাই কেইবাটাও বিতৰ্ক আৰু সমালোচনাৰ সন্মুখীন হʼবলগীয়া হৈছিল। অৱশ্যে আৰম্ভণিৰে পৰাই দম্পতীহালে বেছিকৈ লুকাই থকাত বিশ্বাস কৰা নাছিল। তেওঁ কৰা সকলো কাম খোলা আছিল। তাৰ ভিতৰত মালাইকাৰ বিষয়ে বিভিন্ন আলোচনাৰ অন্যতম কাৰণ হʼল তেওঁৰ খোজকঢ়াৰ ধৰণ। যিটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। নেটিজেনসকলৰ বৰ খং।
এইবাৰ পুনৰ চৰ্চাৰ বিষয় হৈছে অভিনেত্ৰীগৰাকী। প্ৰেমিক অৰ্জুনৰ ব্যক্তিগত মুহূৰ্তৰ ফটো (Arjun’s personal moments Photos) ফাদিল কৰিলে মালাইকাই। সেইবাবেই মালাইকাৰ ওপৰত
শৰীৰৰ কাপোৰৰ লেখমাত্ৰ নাই। অৰ্জুনে মুখত হাঁহি এটা লৈ চোফাত বহি আছে, বিশৃংখল চুলি। লজ্জা ঢাকিছে গাৰুৰে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়াত নিজৰ প্ৰেমিকৰ এনে এখন অৰ্ধনগ্ন ছবি দি লিখিছে, “মোৰ এলেহুৱা ল’ৰা।” এই ছবিখন দেখাৰ পিছত তেওঁৰ অনুৰাগীসকল মালাইকাক লৈ ক্ষোভিত হৈ পৰিছে। কোনোবাই লিখিছে, “নিজৰ লʼৰাৰ কথা ভাবি চাওক।” কাৰোবাৰ মতে, “তেওঁ এই ছবিখন কিয় দিলে? আমি উলংগ অৰ্জুন কাপুৰক চাব নিবিচাৰো!”
এজনে লিখিছে, “অত্যন্ত লজ্জাজনক আৰু নিম্নৰুচিৰ পৰিচয় এয়া।“
আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত অৰ্জুন কাপুৰৰ সৈতে দীৰ্ঘদিন ধৰি সম্পৰ্কত আছে মালাইকা। কিছুদিন পূৰ্বে অভিনেত্ৰীগৰাকীয়ে কৈছিল যে তেওঁ জীৱনৰ পৰৱৰ্তী অধ্যায়ৰ বাবে সাজু। গতিকে, মালাইকা আৰু অৰ্জুনক অতি সোনকালে বিবাহপাশত আবদ্ধ হোৱা দেখা যাব নেকি? এই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে মালাইকাই অৰ্জুনৰ এই ছবিখন মুকলি কৰি প্ৰায় আলোড়নৰ সৃষ্টি কৰিলে।