ছলমান খানৰ দেহৰক্ষী (Salman Khan’s bodyguard)য়ে ঠেলি দিলে ভিকি কৌশল (Vicky Kashal)ক। গতিকে ছচিয়েল মিডিয়াত হুলস্থুলৰ সৃষ্টি হয়। ছলমান অহংকাৰী, অভদ্ৰ- নেটিজেনে মাত মাতিলে। কিন্তু এদিনৰ ভিতৰতে সকলো সলনি হৈ গʼল। আইফা (IIFA), ২০২৩ৰ মঞ্চত ভাইজানে ভিকিক বুকুৰ মাজলৈ টানি লৈ যায় আৰু সাৱটি ধৰে কেটৰিনাৰ স্বামীক! উক্ত ছবি প্ৰকাশৰ লগে লগে শান্ত হয় সমালোচকসকল।
বিক্ৰীৰ বাবে মালা সিনহাৰ বাংলো
মালা সিনহাৰ বাংলো বিক্ৰী (Mala Sinha’s bungalow sold) হ’ল। বৰ্তমান তেওঁক মুম্বাইৰ বান্দ্ৰাৰ এটা ফ্লেটলৈ স্থানান্তৰ কৰা হৈছে। তেওঁৰ বাংলোটো নিৰ্মাতা বৰুণ কোথাৰীয়ে ক্ৰয় কৰে। খবৰ অনুযায়ী, অভিনেত্ৰীগৰাকীৰ মাটিত নিৰ্মাণ হʼব পালামেৰা নামৰ ২২ মহলীয়া বিলাসী এপাৰ্টমেণ্ট। নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। অহা তিনি-চাৰি বছৰত বহুমহলীয়া অট্টালিকাটো সাজু হৈ উঠিব। অট্টালিকাটোত দুটা মহলা পাব মালা সিনহাৰ পৰিয়ালে।
ছলমানৰ ভনীজোঁৱাইলৈ আদালতৰ জাননী
২০২৩ চনৰ ‘ৰুছলান’ ২০০৯ চনৰ এখন ছবিৰ হুবহু নকল। সমাজকৰ্মী জগদীশ শৰ্মা আৰু অভিনেতা ৰাজবীৰ শৰ্মাই আদালতক অৱগত কৰি ছবিখনৰ মুক্তি স্থগিত ৰখাৰ বাবে আবেদন জনাইছে। ২০০৯ চনত জগদীশৰ প্ৰযোজনাৰ ছবিখনত ৰাজবীৰে অভিনয় কৰিছিল। দিল্লীৰ পাটিয়ালা হাউছ কোৰ্টে তেওঁলোকৰ এই আবেদন মানি লয়। ইয়াৰ পৰিৱৰ্তে ছলমান খানৰ ভনীজোঁৱায়েক অভিনেতা আয়ুষ শৰ্মা (Actor Ayush Sharma), প্ৰযোজক কে কে ৰাধামোহন আৰু দক্ষিণ ভাৰতীয় অভিনেতা জগপতি বাবুলৈ জাননী প্ৰেৰণ কৰা হৈছে। পাটিয়ালা হাউছ কোৰ্টৰ অতিৰিক্ত জিলা ন্যায়াধীশ সত্যব্ৰত পাণ্ডাই তেওঁলোকক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ কয়।