কাৰবি আংলং আৰু গোলাঘাট জিলাৰ সীমান্তৱৰ্তী এলেকাত স্থাপিত দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অফিচিয়েল ওৱেব ছাইটৰ (Official web site of Government Model College, Deith) আজি ডিফুত ভাৰ্চ্যুৱেলি উদ্ধোধন (Virtually inaugurated in Diphu) কৰা হয় ৷
আজি পুৱাৰ ভাগত ডিফুস্থিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা দেইথৰ চৰকাৰী আদৰ্শ মহাবিদালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ বৰাৰ উপস্থিতিত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীয়ে (Deputy Commissioner Madhumita Bhagwati) ভাৰ্চ়্যুৱেলি উদ্ধোধন কৰে মহাবিদ্যালয়খনৰ অফিচিয়েল ওৱেবছাইটটো ৷ এতিয়াৰে পৰা সকলোৱে মহাবিদ্যালয়খনক ওৱেবছাইট www.gmcdeithor.ac.in-ত যোগাযোগ কৰিব পাৰিব আৰু মহাবিদ্যালয়খনৰ নাম ভৰ্তিৰ পৰা আৰম্ভ কৰি যাৱতীয় তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ দীপক কুমাৰ বৰাই জানিবলৈ দিয়ে ৷
আনহাতে websiteটো মুকলি কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কাৰবি আংলং জিলাৰ উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে, ২০২০ চনৰ ছেপ্তেম্বৰ মাহত দেইথৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন কাৰবি আংলং আৰু গোলাঘাট জিলাৰ এটি আটক ধুনীয়া সংযোগস্থলত স্থাপন হোৱাৰ পিছৰে পৰাই তাত শৈক্ষিক পাঠদান কাৰ্য চলি আছে৷ মহাবিদ্যালয়খনত বৰ্তমান কলা শাখাত কাৰবি আংলং, গোলাঘাট আৰু বোকাখাতৰ ৩৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এক সুন্দৰ শৈক্ষিক বাতাবৰণত শিক্ষা আহৰণ কৰি আছে ৷ ভৱিষ্যতেও মহাবিদ্যালয়খনত বহু মেধাৱী ছাত্ৰ-ছাত্ৰী শিক্ষা গ্ৰহণ কৰিব পাৰিব বুলি তেওঁ আশাবাদী৷