ডিফু চৰকাৰী মহাবিদ্যালয়ৰ (Diphu Government College) ৰাজনীতি বিজ্ঞান বিভাগৰ উদোগত (Department of Political Science) আজি পুৱাৰ ভাগত পৰিৱেশ সুৰক্ষা সন্দৰ্ভত এক সজাগতা কাৰ্য্যসূচী (Awareness programme on environmental protection) গ্ৰহন কৰা হয়৷ এই উপলক্ষে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী প্ৰৱক্তা মৌছমী চৌধুৰীৰ নেত্ৰীত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ—ছাত্ৰীসকলে হাতে হাতে বেনাৰ-প্লেকাৰ্ড-ফেষ্টুন আদিলৈ ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা ডিফু চহৰৰ মাজেৰে এক শোভাযাত্ৰা বাহিৰ কৰি পৰিৱেশ সূৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টি কৰে৷ ছাত্ৰ-ছাত্ৰীসকলে ‘পেড লগাও, ধৰতী বচাও’ আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ সচেতনতা সন্দৰ্ভ পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰে৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাৰ সহকাৰী প্ৰৱক্তা মৌচুমী চৌধুৰীয়ে কয়যে, গ্ল’ৱেল ৱাৰ্মিঙ বৰ্তমান সময়ত পৃথিৱীৰ বাবে বৃহৎ প্ৰত্যাহ্বান৷ আমি বন ধ্বংস কাৰ্যত জড়িত নহৈ পৰিৱেশ সুৰক্ষাৰ সংকল্পলৈ পৃথিৱী ৰক্ষাৰ হেতু আগবাঢ়ি আহিব লাগে ৷
যখেষ্ট সংখ্যক গছপুলি ৰোপন কৰাৰ লগতে এই ক্ষেত্ৰত আনকো উৎসাহিত কৰিব লাগে৷ ব্যৱসায়িক প্ৰতিষ্ঠান বোৰত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ বন্ধ কৰি সৰ্বত্ৰে কাপোৰৰ মোনাৰ প্ৰচলন কৰিব লাগে৷ এই সন্দৰ্ভত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জৰিয়তে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু জিলা উপাংযুক্তৰ হাতত একোখনকৈ স্মাৰক-পত্ৰও অৰ্পন কৰা হব বুলি জানিবলৈ দিয়ে প্ৰৱক্তা গৰাকীয়ে৷