মায়ানগৰীত সম্পৰ্ক সমীকৰণ কেতিয়া সলনি হয় তাৰ উমান পোৱাটো টান। বলীউডৰ এটা অন্যতম এৱাৰ্ড শ্ব’ত অংশগ্ৰহণ কৰিবলৈ ডুবাইত উপস্থিত হয় তাৰকাকেইগৰাকী। এইবাৰ দুই তাৰকাৰ মাজত এক অদ্ভুত আচৰণ দেখা গʼল। তেওঁলোক হৈছে ছলমান খান আৰু ভিকি কৌশল (Salman Khan and Vicky Kaushal)। দুয়োৰে মাজৰ যোগসূত্ৰ হৈছে কেটৰিনা কাইফ (Link To Katrina Kaif)। এজন তেওঁৰ অতীত, আনজন অভিনেত্ৰীগৰাকীৰ বৰ্তমান। অভিনেত্ৰীগৰাকীৰ অতীত-বৰ্তমান যেতিয়া মুখামুখী হʼল, তেতিয়াই পৰিস্থিতি হিন্দী ছবিৰ চিত্ৰনাট্যৰ দৰে নাটকীয় হৈ পৰিল।
এইবাৰ অভিষেক বচ্চন আৰু ভিকি কৌশলক শ্ব’টোৰ আয়োজকৰ চৰিত্ৰত দেখা যাব। বৃহস্পতিবাৰে আছিল এই কাৰ্যসূচীৰ সংবাদমেল। তাতেই এই অঘটন সংঘটিত হয়। ভিডিঅʼটোত দেখা গৈছে যে ছলমান নিৰাপত্তাৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজত ইভেণ্ট হলৰ কাষ চাপিছে। ছলমানক দেখি ভিকিয়ে শুভেচ্ছা বিনিময় কৰিবলৈ ভাইজানৰ কাষ চাপিল। সেই সময়তে ছলমানৰ নিৰাপত্তাৰক্ষীয়ে (Salman’s security guard) কেটৰিনাৰ স্বামীক ঠেলি দিলে। গোটেই ঘটনাটোত ছলমানে প্ৰতিবাদ নকৰিলে। বৰঞ্চ ভিকিক দেখা নোপোৱাৰ ভাও ধৰি তেওঁক এৰাই চলি ভিতৰলৈ সোমাই গʼল। সেই মুহূৰ্ততে সমগ্ৰ ঘটনা কেমেৰাত ধৰা পৰে। ছচিয়েল মিডিয়াত নিমিষতে বিয়পি পৰে এই ভিডিঅ’।
অভিনেতাজনৰ এনে ব্যৱহাৰত স্তম্ভিত হৈ পৰিছে নেটিজেনসকল। কোনোবাই লিখিছে, “তাৰপিছতো ছলমানে ভিকিৰ লগত কথা নাপাতিলে!” কোনোবাই আকৌ কʼলে, “এই মানুহজনৰ কিহৰ ইমান অহংকাৰ?” যদিও এই বিষয়ত ছলমান বা ভিকীয়ে কোনো মন্তব্য কৰা নাই।