ASSAM TIMES POST
নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগানেৰে আজি নগাঁও চহৰ উত্তাল কৰে ছাত্ৰ সন্থা,কৃষক মুক্তিকে ধৰি কেইবাটাও সংগঠনে।’কেব’ৰ বিৰুদ্ধে নগাঁৱত আজি দুপৰীয়া মটৰ চাইকেল ৰেলী উলিয়াই ছাত্ৰ সন্থাই।
নগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ সহযোগত চহৰখনত মটৰ চাইকেল ৰেলী উলিয়াই ‘কেব’ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰে ।
প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোদী হায়,সৰ্বানন্দ সোনোৱাল হায় হায়,কেশৱ মহন্ত-অতুল বৰা হায় হায় আদি ধ্বনি দিয়ে। সমদলত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া,সাধাৰণ সম্পাদক অমৰ জ্যোতি ফুকন,নগাঁও মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত বৰা,টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰিংকু বৰাৰ লগতে কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহন কৰে।
ইফালে আজি সন্ধিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নগাঁও নেহৰুবালিৰ পৰা এক জোৰ সমদল উলিয়াই ‘কেব’ বিৰোধী শ্লোগানেৰে আকাশ-বতাহ মুখৰিত কৰে।












