ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ মঙলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয় ছাত্ৰ সমাজে। দেৱৰাজ ৰয় মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহেৰে পৰিবেশ উত্তাল কৰি তোলে ছাত্ৰ সমাজে। ছাত্ৰ একতা সভাৰ সভাপতি লীলা বৰা ৰ নেতৃত্বত ওলাই অহা ছাত্ৰ-ছাত্ৰীসকলে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, ‘কেব আমি নামানো’, ‘বিজেপি চৰকাৰ মূর্দাবাদ’, ‘ছাত্ৰ সমাজ জাগিছে, জাগিছে জাগিবই’, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয় আছু গোটৰ উপদেষ্টা ৰবি শংকৰ গগৈ, প্ৰিয়ম শৰ্মা আদিয়ে। এক প্ৰেছ বিবৃত্তি যোগেদি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ঋত্বিজ ঠাকুৰে জানিবলৈ দিয়ে যে যদি অতি সোনকালেই চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰে তেন্তে অনাগত দিনত দেৱৰাজ ৰয় মহাবিদ্যালয় ছাত্ৰ একতা সভাই সমূহ ছাত্ৰ-ছাত্ৰীৰ লগ হৈ ইয়াতকৈ ও তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।












