ৰিয়ান পৰাগৰ (Riyan Parag) বাবে চলিত আইপিএল (IPL) চিজনটো একেবাৰে সুখকৰ নহয়। তাৰ মাজতে অনুৰাগী তথা সমালোচকৰো আক্ৰমণৰ সন্মুখীন হ’বলগা হয়। তাৰ মাজতে গ্রুপৰ অন্তিম মেচখনত পঞ্জাব কিংছৰ বিৰুদ্ধে ১২টা বলত ২০ ৰান সংগ্ৰহ কৰা ৰিয়ান পৰাগে দুটা ছয় আৰু এটা চাৰি সংগ্ৰহ কৰিলেও খেলখন সম্পূৰ্ণ কৰিবলৈ সক্ষম নহʼল।কিন্তু নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ পিছতো ছচিয়েল মিডিয়াত তেওঁক পুনৰ সমালোচনা কৰা হয়।
উল্লেখযোগ্য যে অন্তিম মেচখনত ৰাজস্থান ৰয়েলছে ৪ উইকেটত জয়লাভ কৰি আইপিএল, ২০২৩ৰ ছিজনত ৭টা জয় আৰু সমান সংখ্যক পৰাজয়েৰে চলিত চিজনৰ অন্ত পেলায়।অৱশ্যে এইবাৰ ভাৰতৰ প্ৰাক্তন অল-ৰাউণ্ডাৰ ইৰফান পাঠানে ৰিয়ানৰ সমৰ্থনত (Support from Irfan Pathan Ryan) ওলাই আহিছে। লগতে সকলোকে ঘৃণনীয় মন্তব্য লিখাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।
টুইটাৰত তেওঁ লিখিছে, ‘এজন যুৱ খেলুৱৈক অপ্ৰয়োজনীয় ঘৃণা নিদিব, কাৰণ তেওঁ নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী।’প্ৰতিযোগিতাখনৰ ১৬ সংখ্যক চিজনত পৰাগ এইবাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। যাৰ বাবে তেওঁক একাধিকবাৰ মূল একাদশৰ পৰা বাহিৰ হ’বলগা হয়। তেওঁৰ বাবে ৩ কোটিতকৈ অধিক টকা খৰচ কৰাৰ পিছতো আৰ আৰে প্ৰতিশ্ৰুতিবদ্ধ ফলাফল লাভ কৰিব নোৱাৰিলে।