ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ দেওবাৰে নিশা ডিফু মাঞ্জা পথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি পালচাৰ বাইক আৰু ফৰ্ড ফিগ’ৰ মাজত মুখামুথী সংঘৰ্ষ হৈ সংঘটিত হয় দূৰ্ঘটনাটো ৷

ডিফুৰ পৰা মাঞ্জা অভিমুখে নিশা গৈ থকা AS 03B 9940 পালচাৰ মটৰ চাইকেল খনে ডিফু মাঞ্জাপথৰ পাঁচ মাইলৰ ওচৰৰ ঘাই পথৰ কাষত ৰৈ থকা AS01 DQ 1936 বগা ৰঙৰ ফৰ্ড ফিগ’ত তীব্ৰ বেগত খুন্দা মৰাৰ ফলত বাইক চালক ৬ মাইলৰ অৰ্জুণ হাঞ্চে আৰু মটৰ চাইকেলখনৰ পিছফালে বহি থকা আৰোহী জচমিন ইংতিপি মটৰ চাইকেলৰ পৰা উফৰি গৈ গুৰুতৰ জখম প্ৰাপ্ত হোৱাৰ লগতে ফিগ’ ৰ গাড়ীৰ ভিতৰৰ আসনত বহি থকা বৰজান বিনিৰাম তেৰাঙ গাঁৱৰ সঞ্জয় তাৰ’ গুৰুতৰ জখম প্ৰাপ্ত হয় ৷

স্থানীয় লোকে জখমপ্ৰাপ্ত সকলক তৎক্ষণাত ডিফু চিভিল হাস্পতালত আনে যদিও মটৰ চাইকেল চালক অৰ্জুণ হাঞ্চে (২৮)ৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ আহত জচমিন ইংতিপী আৰু সঞ্জয় তাৰ’ক উন্নত চিকিৎসাৰ বাবে জিএমচিলৈ প্ৰেৰণ কৰা হয় ৷












