অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। কৰ্ণাটকে (Karnataka) লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী (New Chief Minister)। ডি কে শিৱকুমাৰে ৰাহুলৰ মধ্যস্থতাত উপ-মুখ্যমন্ত্ৰীৰ পদত বহিবলৈ সন্মত হয়। আনহাতে, কংগ্ৰেছে কৰ্ণাটকত পুনৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰমাইয়াৰ (Chief Minister Siddaramaiah again) কান্ধত দায়িত্ব ভাৰ অৰ্পণ কৰিছে। ৰাজ্যখনৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীয়ে অহা ২০ মেʼত অৰ্থাৎ শনিবাৰে বাংগালুৰুত শপত (Oath in Bengaluru on Saturday) গ্ৰহণ কৰিব।
Karnataka govt formation:
তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথি তালিকাক লৈ বৰ্তমান জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।জানিব পৰা মতে, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে বিৰোধী দলৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যেই জনা গৈছিল যে মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছে একে বিচাৰ ধাৰাৰ দলক নিমন্ত্ৰণ কৰিব। যদিও এই অনুষ্ঠানলৈ কোন কোন মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে সেয়া এতিয়াও সঠিকভাৱে স্পষ্ট হোৱা নাই, তথাপিও অৱগত সূত্ৰৰ মতে, ২০১৮ চনৰ কুমাৰস্বামীৰ শপত গ্ৰহণ অনুষ্ঠানৰ দৰেই আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিৰোধী দলৰ নেতাসকলেও সিদ্দাৰমাইয়া-শিৱকুমাৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিব ।
ইফালে হাত শিবিৰৰ উদ্যোগত দিল্লীত কেবিনেট গঠন সন্দৰ্ভত এখন বৈঠকৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে, দিল্লীত অনুষ্ঠিত হʼবলগীয়া বৈঠকত শিৱকুমাৰ-সিদ্দাৰমাইয়াই বহিব। জানিব পৰা মতে, শপত গ্ৰহণৰ সময়ত ২০ গৰাকী মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হʼব।