ASSAM TIMES POST
ডিফুঃ ডিফুৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় খন পৰিদৰ্শন কৰিবলৈ আহি নাগৰিকত্ব বিলৰ সপক্ষে উদাত্ত ঘোষণা কৰে ৰাজ্য চৰকাৰ প্ৰভাৱশালী স্বাস্থ্য আৰু বিত্ত বিভাগৰ মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ৷ অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি হঠাতে কাৰবি আংলং জিলালৈ আহে ৷

পুৱা মন্ত্ৰী গৰাকী আহি ডকমকাত নিৰ্মাণ হৈ থকা জাৰ্মান টেকনলজিৰে নিৰ্মিত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম পৰিদৰ্শন কৰে ৷ তাৰ পৰা দুপৰীয়া দুই বজাত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত উপস্থিত হৈ গোটেই চৌহদ পৰিদৰ্শন কৰে ৷ তেওঁ চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শনৰ বাবে আহিব লগা ভাৰতীয় মেডিকেল কাউঞ্চিলৰ দল আহিলে কৰিব লগা কামৰ বিষয়ে অধ্যক্ষ আৰু অন্যান্য সকলৰ লগত বিশদ ভাবে আলোচনা কৰে ৷

ইয়াৰ পিছতে সাংবাদিকৰ আগত তেওঁ চিকিৎসা মহাবিদ্যালয়খনে জনতাৰ সপোন পূৰণ কৰিব বুলি মন্তব্য কৰে ৷ আনহাতে কেবক লৈ মন্ত্ৰী গৰাকীয়ে বিস্ফোৰক মন্তব্য কৰে ৷ তেওঁ কয় ১০ ডিচেম্বৰৰ ভিতৰত কেব সংসদত উৎথাপন কৰা হ’ব আৰু গ্ৰহণ কৰা হ’ব ৷
আনহাতে ষষ্ঠ অনুসুচীৰ এলেকা আৰু ইনাৰ লাইন পাৰ্মিত ব্যৱস্হা থকা ৰাজ্যলৈ নতুনকৈ নাগৰিকত্ব লাভ কৰা লোক সকল ফুৰিবলৈ আহিব পাৰিব কিন্তু মাটি বাৰী কিনিব নোৱাৰিব আৰু ব্যৱসায় কৰিব নোৱাৰিব বুলি কয় ৷ কিন্তু নাগৰিকত্ব লাভ কৰা লোকে কাৰবি আংলং জিলাত মাটি লৈ আছে বুলি কোৱাত তেওঁ কয় ক’তা মই দুবছৰ ধৰি তুলিৰামক মাটি বিছাৰি আছো কিন্তু দিয়া নাই বুলি তেওঁ বিষয়টো এৰাই চলে ৷

অসম চুক্তিৰ ভালখিনি লৈ বেয়াখিনি বাদ দিয়াৰ কথা কয় মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰা হ’ব বুলি কয় ৷ তাতো কিছু সংশোধন কৰি অসমীয়াৰ ঠাইত খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰি খিলঞ্জীয়াৰ অস্তিত্ব বিজেপি চৰকাৰে সুৰক্ষিত কৰিব বুলি কয় ৷











