হেলমেট আৰু অনুজ্ঞাপত্ৰ অবিহনে বাইক (Bikes without helmets and licences) চলোৱাৰ বাবে অনুষ্কা শৰ্মাৰ দেহৰক্ষী (Anushka Sharma’s bodyguard)য়ে যথেষ্ট জৰিমনা (Penalty) ভৰিবলগীয়া হয়।
শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে মুম্বাইৰ যান-জঁটৰ পৰা হাত সাৰিবলৈ আৰু শ্বুটিঙত সোনকালে উপনীত হʼবলৈ বাইক বাছি লৈছিল। পিছৰ চিটত বহি থকা দেখা যায় তেওঁক। দেহৰক্ষীজনে বাইক চলাই গৈছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ইয়াৰ ছবি আৰু ভিডিঅ’। কিন্তু প্ৰিয় নায়িকাগৰাকীয়ে আইন ভংগ কৰিছে। তাত দেখা যায় অনুৰাগীৰ তীব্ৰ প্ৰতিক্ৰিয়া। যান-বাহন আইন অনুসৰি, আৰোহীয়েও হেলমেট পৰিধান কৰিব লাগে। আৰু সেই নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগিব। উক্ত আইন অনুসৰিয়ে মুম্বাই আৰক্ষীয়ে দেহৰক্ষীগৰাকীক জৰিমনা বিহিছে।
খবৰ অনুযায়ী, দেহৰক্ষী চোণু শ্বেখৰ বিৰুদ্ধে মুম্বাই যান-বাহন আৰক্ষীয়ে জাৰি কৰে চালান। তাত হেলমেট আৰু অনুজ্ঞাপত্ৰ অবিহনে বাইক চলোৱাৰ বাবে ১০,৫০০ টকা জৰিমনা বিহা হৈছে। পিছত টুইটাৰযোগে মুম্বাই যান-বাহন আৰক্ষীয়ে এই পদক্ষেপৰ কথা ঘোষণা কৰে। পোষ্টটোত লিখা আছে, “চালকজনক ধাৰা ১২৯/১৯৪(ঘ), ধাৰা ৫/১৮০ আৰু ধাৰা ৩(১)১৮১ এমভিৰ অধীনত জৰিমনা বিহা হৈছে। অভিযুক্তই জৰিমনা নিষ্পত্তি কৰিলে।”
উল্লেখযোগ্য যে সেইদিনাই অমিতাভ বচ্চনকো হেলমেট নোহোৱাকৈ ৰাজপথত অনুৰাগীয়ে দেখা পাইছিল। সেই ছবিখন নিজেই টুইট কৰে ‘শ্বেহেনছা’ই আৰু লগে লগে তুমুল চৰ্চা আৰম্ভ হয়। তাৰ পিছতে তেওঁ নেটিজেনৰ ক্ষোভৰ সন্মুখীন হয়। অৱশ্যে পিছদিনা অমিতাভে সকলো কথা প্ৰকাশ কৰে। তেওঁ আচলতে ছুটিং কৰি আছিল। ঘটনাৰ বিৱৰণী অনুসৰি, তেওঁ হেলমেট পিন্ধা নাছিল। তদুপৰি, দেওবাৰৰ ৰাজপথৰ ছুটিং অনুমতি লৈহে চলি আছিল। গতিকে তেওঁ হেলমেট পিন্ধিব নালাগিল।