ওম ৰাৱতৰ পৰিচালনা (Om Rawat’s direction) আৰু ভূষণ কুমাৰৰ প্ৰযোজনাৰে ‘আদিপুৰুষ’ (Adipurush Movie) ছবিখনে দৰ্শকৰ মনত যথেষ্ট শক্তিশালী প্ৰভাৱ পেলাইছে। ছবিখনৰ ট্ৰেইলাৰে অপৰিসীম মৰম লাভ কৰিছে যদিও অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে মুক্তিৰ বাবে। অৱশ্যে এতিয়া অপেক্ষা বৰ বেছি দীঘলীয়া নহʼব। কাৰণ ছবিখন মুক্তি পাবলৈ মাত্ৰ এমাহ বাকী আছে৷
অনুৰাগীৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে আদিপুৰুষক প্ৰশংসা কৰিছে। বহুতে প্ৰভাস আৰু কৃতি ছাননক ৰাঘৱ আৰু জানকী বুলি প্ৰশংসা কৰিছে যদিও ট্ৰেইলাৰখনে তেওঁলোককো মন্ত্ৰমুগ্ধ কৰি ৰাখিছে।
৭০ মিমিৰ ওপৰত এই ৰামায়ণ অনুপ্ৰাণিত কাহিনীটোৰ ভিউ হোৱাটো নিশ্চয় এক ডাঙৰ কথা।
ওম ৰাৱতৰ পৰিচালনাত নিৰ্মিত আদিপুৰুষৰ প্ৰযোজক টি-চিৰিজ, ভূষণ কুমাৰ আৰু কৃষণ কুমাৰ, ওম ৰাৱত, প্ৰসাদ সুতাৰ আৰু ৰাজেশ নায়ৰ ৰেট্ৰ’ফাইলছ। ছবিখনে এইবছৰৰ ১৬ জুনত বিশ্বজুৰি মুক্তিলাভ কৰিব।