ASSAM TIMES POST
ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰা বৈদ্যুত উপ সংমন্ডল কাৰ্যালয়ত বিদ্যুত বিভাগত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলে এক অসহযোগ (কৰ্মবিৰতী)কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থা (পঞ্জীয়ন নং ২৭৭০)ই অস্থায়ী কৰ্মীৰ চাকৰি নিয়মীয়া কৰনৰ লগতে ১১ দফীয়া দাবী পূৰণ কৰা সন্ধৰ্ভত ২ ডিচেম্বৰ পৰা ৭ ডিচেম্বৰ লৈ এক অসহযোগ (কৰ্মবিৰতি) আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।
ৰঙাপৰা বিদ্যুৎ সংমণ্ডলত ২৪ জন অস্থায়ী কৰ্মী কৰ্মৰত আছে।আজি পুৱাৰে পৰা সমগ্ৰ অসমৰ প্ৰতিটো বিদ্যুত উপ সংমণ্ডলৰ লগতে ৰঙাপৰাত বিদ্যুত সংমণ্ডলত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলে অসহযোগ(কৰ্মবিৰতি) আন্দোলনত অংশগ্ৰহণ কৰে।

উল্লেখ্য যে সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰিডাৰ কৰ্মী সন্থাই যোৱা ৭/১১/২০১৯ তাৰিখে চাকৰি নিয়মীয়াকৰনৰ লগতে বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীকে ধৰি বিভিন্ন বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই একো পদক্ষেপ গ্ৰহণ নকৰাত এই অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি কৰ্মচাৰী সকলে সংবাদ মাধ্যমক অৱগত কৰে।
কৰ্মচাৰী সকলৰ দাবী চৰকাৰে মানী নললে ৯ ডিচেম্বৰ পৰা বিজুলী ভৱনৰ সন্মুখত আমৰন অনশন তথা প্ৰতিটো উপ-সংমণ্ডলত পুনৰ অসহযোগ(কৰ্মবিৰতি) কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।












