বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ (The Kerala Story) ৫ মে’, শুকুৰবাৰে মুক্তি লাভ (Releases, May 5) কৰে। এই মুহূৰ্তত সমগ্ৰ দেশতে এই ছবিখনক কেন্দ্ৰ কৰি বিতৰ্ক চলি আছে। ইফালে অস্কাৰ বিজয়ী সুৰকাৰ এ আৰ ৰহমানে এটা ভিডিঅ’ পোষ্ট (Video post of AR Rahman) কৰিলে, যাতে এই বিতৰ্কিত ছবিখনৰ ওপৰত তেওঁৰ স্থিতিৰ বিষয়ে বহুতে এটা ধাৰণা লয়। ৰহমানে পোষ্ট কৰা ভিডিঅʼটোত দেখা গৈছে কেৰালাৰ মছজিদত এহাল হিন্দু দম্পতীৰ বিবাহ। ভিডিঅʼটোৰ কেপচনত সুৰকাৰগৰাকীয়ে লিখিছে যে মানৱতাৰ প্ৰতি প্ৰেম নিঃচৰ্ত।
এই ভিডিঅ’টো কেৰালাৰ আলপুজা চহৰৰ। জনা যায় যে কইনাৰ আৰ্থিক সামঞ্জস্য নোহোৱাৰ বাবে বিবাহ সম্ভৱ নহʼল। সেই কাৰণে কইনাৰ মাতৃয়ে মছজিদ কমিটীৰ কাষ চাপে। তাতেই বিয়াখন সম্পূর্ণ হয়৷এই ছবিখনত কেৰালাৰ হিন্দু আৰু খ্ৰীষ্টান ছোৱালীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি আইছিছত যোগদান কৰাৰ কাহিনী উপস্থাপন কৰিছে।
বাওঁপন্থীশাসিত কেৰালাই ইতিমধ্যে ছবিখন নিষিদ্ধ কৰিছে। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে এক বিবৃতিত স্পষ্ট কৰি দিয়ে যে এনে ছবি ইচ্ছাকৃতভাৱে সাম্প্ৰদায়িক হিংসা বিয়পাই দিয়াৰ বাবে সৃষ্টি কৰা হৈছে। সংঘলৈ আঙুলিয়াই বিজয়নে কয় যে এয়া এখন অপপ্ৰচাৰমূলক ছবি। এই ছবিখনে ১০টাতকৈও অধিক পৰিৱৰ্তনৰ অন্তত মুক্তিৰ অনুমতি লাভ কৰিছে।