ASSAM TIMES POST
ডিফুঃ সমগ্ৰ দেশত অৰ্থনৈতিক দিশত বিজেপিয়ে প্ৰদৰ্শন কৰা সামগ্ৰিক ব্যৰ্থতাৰ বিৰুদ্ধে ডিফু কংগ্ৰেছ সমিতিৰ উদ্যোগত আজি ডিফুৰ ছেমছনছিং মেম’ৰিয়েল পাৰ্কত অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷
ধৰ্ণা কাৰ্যসূচীত যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক আৰু মণ্ডল কংগ্ৰেছ আদিৰ লগতে জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব কাৰ্যকৰী সভাপতি অশোক টেৰণ, উপসভাপতি, ৰাতুল টেৰণ, প্ৰদীপ ছিংনাৰ, সাধাৰণ সম্পাদত তথ জিলা কংগ্ৰেছৰ মুখপাত্ৰ ড: মংবে’ ৰংপি, সাধাৰণ সম্পাদক অনিল বৰা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাংপী লগতে কোষাধ্যক্ষ প্ৰাণ কুমাৰ দত্ত ই অংশ গ্ৰহণ কৰে ৷
ধৰ্ণা কাৰ্যসূচীত প্ৰায় শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে হাতে হাতে প্লে, কাৰ্ড ফেষ্টুন আদি লৈ মূল়্য বৃদ্ধি ৰোধ কৰক, প্ৰকৃত মাটিৰ গৰাকীক পট্টা প্ৰদান কৰক, নিবণুৱা সমস্যা সমাধান কৰক, বিজেপি গ’ বেক, কংগ্ৰেছ (আই) লং লীভ আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ যুৱ নেতা ড: মংবে’ ৰংপীয়ে, কয়়যে, মূল্যবৃদ্ধিয়ে আকাশ চুইছে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ খন অৰ্থনৈতিক দিশত দেশখনত চৰম ব্যৰ্থতা প্ৰদৰ্শন কৰিছে, দেশৰ তেল শোধনাগৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সম্পদ সমূহ ব্যক্তিগত কৰণ কৰি নিবণুৱা সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে বৃদ্ধিহে কৰিব খুজিছে ৷
কাৰবি আংলঙত নগৰ- চহৰ বাটপথ সমুহৰ উন্নতি হৈছে যদিও গাঁৱৰ উন্নয়ণলৈ পৰিষদ চৰকাৰখনে পিঠি দিছে বুলি অভিযোগ কৰে ৷ বিজেপি দূৰ্নিতীৰ কথা জিলা কংগ্ৰেছে জিলাখনৰ তৃণমূল পৰ্যায়ৰ জনসাধাৰণৰ মাজলৈ লৈ যোৱা হব বুলি সকিয়াই দিছে ৷ ইয়াৰোপৰি জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাঙপী আৰু জিলা কংগ্ৰেছৰ উপাসভাতি ৰাতুল টেৰণে বিজেপি চৰকাৰৰ সামগ্ৰিক ব্যৰ্থতাৰ দিশ সন্দৰ্ভত বাখ্যা আগবঢ়ায় ৷











