বিয়াৰ বাবে ভিন্ন লিঙ্গৰ দুই ব্যক্তিৰ উপস্থিতি অপৰিহার্য হয়নে নহয় তাকে লৈ প্রশ্ন উত্থাপন ছুপ্রিম কোর্টৰ। বৃহস্পতিবাৰে সমলিঙ্গ বিবাহ সম্পৰ্কত (Same-sex marriage relationship) গোচৰৰ তৃতীয় দিনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে প্রধান ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন ছুপ্রিম কোর্ট (Surprem Court)ৰ বিচাৰপীঠে।
সমকামী সম্পর্ক যে কেৱল শাৰীৰিক চাহিদাৰ ওপৰত নির্ভৰশীল নহয়, সেই কথা পর্যবেক্ষণত কৈছে প্রধান ন্যায়াধীশৰ নেতৃত্বাধীন পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে। তাত কৈছে, ‘‘সমকামী সম্পর্কবোৰ কেৱল শাৰীৰিক নহয়, মানসিক, স্থিতিশীল সম্পর্কও।’’ ইয়াৰ পিছতেই ৩৭৭ ধাৰা প্রসঙ্গ উত্থাপন কৰে বিচাৰপীঠে।উল্লেখ্য যে ২০১৮-ৰ ৬ ছেপ্টেম্বৰত ভাৰতীয় সংবিধানৰ ৩৭৭ ধাৰা প্রত্যাহাৰ কৰি সমকামিতাক ‘অপৰধ’ৰ দৃষ্টিভংগীৰ পৰা মুক্তি দিছে।