আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু (Rongali Bihu)। অসমৰ বাপতি সাহোন এই ৰঙালী বা ব’হাগ বিহুৰ বাবে এতিয়া ৰাজ্যবাসীৰ গা থৌকি-বাথৌ । স্মৰণাতীত কালৰে পৰা অসমবাসী তথা অসমীয়াই পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰি আহিছে ৰঙালী বিহু । বিশেষকৈ কৃষিপ্ৰধান অসমৰ চহা প্ৰাণৰ হেঁপাহৰ উৎসৱ হৈছে এই ৰঙালী বিহু ।
চহা কৃষকে কৃষিকাৰ্যলৈ আগবঢ়াৰ পূৰ্বে এই উৎসৱ আয়োজন কৰি নিজৰ তন-মন সতেজ কৰি ল’ব বিচাৰে । আনহাতে, ব’হাগ হৈছে অসমীয়া কেলেণ্ডাৰৰ প্ৰথমটো মাহ । অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ আৰম্ভণি মাহ হৈছে এই ব’হাগ মাহ । সেয়ে নতুন বছৰৰ আদৰণি উৎসৱো ইয়াৰ এক বিশেষত্ব । এই ব’হাগ মাহৰ আছে বহু বিশেষত্ব । ব’হাগৰ হাত ধৰিয়েই গছ-বন-লতিকাত কুঁহিপাতৰ আৱৰণে সেউজ ৰং ধাৰণ কৰে ।
বৰ্ষা ঋতুৰ আগমনৰ বতৰা দিয়ে । সৃষ্টি আৰু কৃষ্টিৰ সুবাসত মতলীয়া এই ব’হাগ । প্ৰেমৰ বতৰ ব’হাগ আৰু অংকুৰিত বীজৰ সপোনৰ বতৰা এই ব’হাগ । সেয়ে হয়তো ভূপেনদাই কৈছিল, “ব’হাগ মাথোঁ এচা ঋতু নহয়, নহয় এটি মাহ; অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ শাহ।”
হয় অসমীয়া জাতীয় জীৱনৰ এক অন্যতম লোককৃষ্টি ব’হাগ বিহু বা ৰঙালী বিহু । চ’তৰ শেষৰ দিনাৰ পৰা আৰম্ভ হৈ সাতদিন ধৰি চলা এই ৰঙালী বিহুৰ আছে প্ৰতিটো দিনৰে বিশেষ বিশেষ তাৎপৰ্য । লগতে আছে প্ৰতিটো দিনৰে গুৰুত্ব । পৰম্পৰাগতভাৱে পালন কৰা এই সাতবিহুৰ কিন্তু বিশেষ কিছু বৈজ্ঞানিক ভিত্তিও নথকা নহয় । কিন্তু সময়ৰ সোঁতত ৰঙালী বিহুৰো পৰম্পৰা বহুখিনি সলনি হৈ আহিছে ।
ৰঙালী বিহুৰ আন এক মুখ্য বৈশিষ্ট্য হৈছে হুঁচৰি আৰু বিহুনাচ । অৱশ্যে আৰম্ভণিৰ পথাৰৰ আঁহতৰ তলৰ বিহু আহি বৰ্তমান মঞ্চত উঠিছে । সময়ৰ লগে লগে বিবৰ্তন অৱধাৰিত যদিও সোময়ৰ সোঁতত যাতে আমাৰ স্বকীয় পৰম্পৰা একেবাৰে বিলুপ্ত হৈ নাযায় তাৰবাবেও আমি সচেতন হ’ব লাগিব । আন এক কথা হৈছে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত এই ৰঙালী বিহু পালনৰ পৰম্পৰা ভিন্ন ।
ব’হাগ মাহতে পালন হ’লেও প্ৰতিটো জাতি-জনগোষ্ঠীৰে ইয়াৰ পালনৰ পৰম্পৰা সুকীয়া । কিন্তু ভিন্নতাৰ মাজতো একতাৰ এক সুন্দৰ নিদৰ্শন ফুটি ওলায় এই ৰঙৰ উৎসৱ ৰঙালী বিহুত । সেয়ে আজিও আমাৰ একেটাই আহ্বান- ব’হাগৰ প্ৰেম আৰু ভাতৃত্ববোধেৰে ৰঙীয়াল হৈ ৰঙালী বিহুৰ মাদকতা চৌদিশে ছটিয়াই দিওঁ আহক । যাৰ পৰশ পাই ফুলি উঠক আমাৰ মনৰ ভিন্নৰঙী ফুলনিডৰা, য’ত সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বীয়ে একেলগে একেখন সমাজৰ সুবাসেৰে সুবাসিত হৈ থাকিব । সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।