বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Himanta Biswa Sarma) কয় যে চৰকাৰে ৰাজ্য (Assam Government)খনত ২০২৪ চনৰ পৰা (From 2024 year) সাত বিহু উদযাপনৰ বাবে উদ্যোগ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসমৰ ১০ বছৰীয়া ৰঙালী বিহু উদযাপন সমিতিক সাহায্য বিতৰণ কৰি এই কথা ঘোষণা কৰে।
উল্লেখ্য, বিগত বছৰৰ পৰা আৰম্ভ হোৱা এই সাহায্য প্ৰদান আঁচনিত এই বছৰ ২১১৪ খন বিহু সমিতিক মুঠ ১.৫ লাখ টকাকৈ অনুদান বিতৰণ কৰা হয়। ইয়াৰে ভিতৰত সৰ্বাধিক কামৰূপ (মেট্ৰ’পলিটান) জিলাৰ ১২০ খন সমিতিয়ে অনুদান লাভ কৰে। আনহাতে, অনুষ্ঠানটো সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ১৬ মে’ৰ পৰা কাকো বিহু উদযাপন কৰিবলৈ অনুমতি দিয়া নহয়।
তেওঁ কয়, “১৬ মে’ৰ পৰা ৰাজ্যখনত বিহু উদযাপন কৰা নহ’ব। অৱশ্যে অন্যান্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিব পাৰিব। এই ক্ষেত্ৰত বিহু সমিতিসমূহে ব্যৱস্থা লোৱা উচিত।” লগতে মুখ্যমন্ত্ৰী শৰ্মাই বিহু সমিতিসমূহক চান্দা সংগ্ৰহ নকৰিবলৈও আহ্বান জনায়। কিন্তু তাৰ পৰিৱৰ্তে পৰম্পৰাগত হুঁচৰিত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত মঞ্চৰ ক্ষেত্ৰত সুৰা পান নকৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি বিহু সমিতিসমূহক এই বিষয়ত বিশেষ মনোযোগ দিবলৈ আহ্বান জনায়। আনহাতে, মুখ্যমন্ত্ৰী শৰ্মাই এই ৰঙালী বিহুত সাত বিহু উদযাপন কৰিবলৈও অসমৰ জনসাধাৰণক আহ্বান জনায়।