ৰাহুল গান্ধী (Rahul Gandhi)ৰ সাংসদ পদ খাৰিজ তথা বিজেপি চৰকাৰ আৰু গৌতম আদানিৰ সম্পৰ্কক কেন্দ্ৰ কৰি বিৰোধী দল কংগ্ৰেছে (Congress) চৰকাৰৰ বিৰুদ্ধে সৰৱ ভূমিকা গ্ৰহণ কৰি অহাৰ সময়তে আজি ডিফু (Diphu)ত এক সংবাদমেল (Press meet)ৰ আয়োজন কৰি কংগ্ৰেছ নেতৃবৃন্দ (Congress leaders)ই বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।
অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ গোপাল চন্দ্ৰ শৰ্মা, প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীয়ে সংবাদ মেল সম্বোধন কৰি উল্লিখিত বিষয়ৰ প্ৰসংগ উত্থাপন কৰি শাসকীয় চৰকাৰক সমালোচনাৰে থকা সৰকাৰ কৰে। প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীয়ে বিজেপি চৰকাৰৰ আমোলত গণতন্ত্ৰক হত্যা কৰাৰ লগতে ৰাইজৰ প্ৰতিনিশা মাত মাতিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰা বুলি মন্তব্য কৰে।
এইবাবেই দেশৰ সকলো বিৰোধী একত্ৰিত হোৱা বুলি উল্লেখ কৰে। সংবাদ মেলত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাং, জিলা কংগ্ৰেছৰ নেতা অশোক টেৰণ, বিদ্যাছিং ৰংপি, ৰতন ইংতি, ছেমছনছিং ইংতি আদি উপস্থিত থাকে।