নিৰ্বাচন আহিলেই যেন ঘৃণামূলক ভাষণ আৰম্ভ হয়। ইয়াৰ পূৰ্বেও ইয়াক লৈ সৰৱ হৈছে নাগৰিক সমাজ, সংবাদ মাধ্যমৰ একাংশ। এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) ক্ষোভ প্ৰকাশ কৰিলে। বুধবাৰে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি গ্ৰহণ কৰি থকা অৱস্থাত ৰাজনীতিবিদৰ ঘৃণামূলক ভাষণক লৈ সৰৱ হয় ন্যায়াধীশ কে এম জোচেফ আৰু বি ভি নাগাৰত্নেৰ বিচাৰপীঠ। জৱাহৰলাল নেহৰু আৰু অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত মাজনিশাও বৈঠক অনুষ্ঠিত হʼলে দূৰ-দূৰণিৰ পৰা মানুহ গোট খাইছিল তেওঁলোকৰ ভাষণ শুনিবলৈ, দাবী কৰে ন্যায়াধীশ দুগৰাকীয়ে।
অৱশ্যে এতিয়া পৰিস্থিতি বেলেগ। ন্যায়াধীশ জোচেফে (Justice Joseph) দাবী কৰে যে আজিৰ ৰাজনীতিবিদসকলে নিজৰ কামৰ লগত ধৰ্মক মিহলাই লৈছে। ৰাজহুৱা সভাত ঘৃণামূলক ভাষণ ৰোধৰ বাবে পদক্ষেপ নোলোৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা অৱজ্ঞাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জোচেফে কয় যে ধৰ্ম আৰু ৰাজনীতি (Religion and Politics) সম্পূৰ্ণ পৃথক (Completely different)। ইটো সিটোৰ লগত মিহলি হোৱাটো কঠিন। আজিৰ ৰাজনীতিবিদসকলে (Politicians) ধৰ্মক ৰাজনীতিৰ লগত মিহলাই দিয়ে (Mixes religion with politics)। আৰু ইয়াতেই সমস্যাৰ সৃষ্টি হয়। আমি ৰাজনীতিত ধৰ্মৰ ব্যৱহাৰ বন্ধ কৰিলেহে সকলো সমস্যা সমাধান হব। ঘৃণামূলক ভাষণৰ কোনো সম্ভাৱনা নাথাকিব।
ন্যায়াধীশসকলে মন্তব্য কৰে, প্ৰতিটো কাৰ্যৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে। তেওঁলোকে সংবিধান অনুসৰি সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰে। কিন্তু ন্যায়াধীশসকলে কয়, “ৰাজ্য আৰু কেন্দ্ৰই ঘৃণামূলক ভাষণৰ কোনো দায়িত্ব লোৱা নাই। তেওঁলোকে কয় যে ৰাজ্যই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি হস্তক্ষেপ কৰিব লাগিব। ৰাজ্য ক্ষমতাহীন হৈ বহি আছে। নিশ্চুপ হৈ বহি থাকিলে ক্ষমতাত থকাৰ অৰ্থ কি?”
এই প্ৰসংগত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে কেন্দ্ৰ মৌন হৈ বহি থকা নাই। কেন্দ্ৰই পিএফআইক নিষিদ্ধ কৰিছে। কিন্তু তুষাৰে ৰাজ্য সন্দৰ্ভত কোনো মন্তব্য দিব নোৱাৰিলে। কিন্তু এই দায়িত্ব কেৱল ৰাজ্য বা কেন্দ্ৰৰ নহয়। প্ৰতিজন ভাৰতীয়ই ইয়াৰ বিৰুদ্ধে আগবাঢ়ি আহিব লাগে। উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে টেলিভিছন বা আন সংবাদ মাধ্যমত ঘৃণামূলক ভাষণ প্ৰচাৰ কৰা ব্যক্তিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা উচিত।