যিকোনো সাংবিধানিক আদালতে (Court) তেওঁক কেৱল ১৪ বছৰৰ (নূন্যতম) নহয়, ২০ বা ৩০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দি যাৱজ্জীৱন কাৰাদণ্ড হিচাপে ঘোষণা কৰিব পাৰে। এই মন্তব্য কৰে বাংগালুৰুত (Bangaluru) এগৰাকী আই টি কৰ্মীক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে (Supreme Court)।
২০০৫ চনৰ ১৩ ডিচেম্বৰত যুৱতীগৰাকীৰ কাৰ্যালয়ৰ চালক শিৱকুমাৰে (Shiv Kumar) ঘৰলৈ যোৱাৰ পথত ধৰ্ষণ কৰি হত্যা কৰিছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে (Karnataka High Court) যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি দিয়াৰ পিছতে উচ্চতম ন্যায়ালয়লৈ গৈছিল শিৱকুমাৰ।
বুধবাৰে ন্যায়াধীশ অভয় এছ ওকা আৰু ন্যায়াধীশ ৰাজেশ বিন্দলৰ বিচাৰপীঠে শিৱকুমাৰৰ আবেদন খাৰিজ কৰি কয় যে অভিযুক্তৰ মানসিক সংস্কাৰৰ সম্ভাৱনা বিবেচনা কৰি এনে অপৰাধৰ ক্ষেত্ৰত নম্ৰ দৃষ্টিভংগীয়ে ন্যায় ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা ক্ষয় কৰিব। সেয়ে ৩০ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হৈছে। আচামী পক্ষই যুক্তি আগবঢ়ায় যে মৃত্যুদণ্ডৰ বাহিৰে অন্য ক্ষেত্ৰত এই ধৰণে শাস্তি সলনি কৰা বা নিৰ্ধাৰণ কৰিব নোৱাৰিব।
তাৰ পিছত শীৰ্ষ আদালতে কয় যে যিবোৰ গোচৰত কোনো মৃত্যুদণ্ড জাৰি কৰা হোৱা নাই বা প্ৰস্তাৱ কৰা হোৱা নাই, সেইবোৰ ক্ষেত্ৰতো আদালতে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি জীৱনকালৰ সময়সীমা সলনি বা নিৰ্ধাৰণ কৰিব পাৰে— যিটো ১৪ বছৰতকৈ অধিক, সেই ক্ষেত্ৰত ২০ বছৰ, ৩০ বছৰ বা তাতকৈ অধিক হʼব পাৰে।