মঙলবাৰে দিল্লী চফদৰজঙৰ (Delhi Safdarjung) পৰা ভাৰত গৌৰৱ (Bharat Gourav) ডিলাক্স এচি টুৰিষ্ট ৰেʼল (Tourist rail) চলাই উত্তৰ-পূবৰ ৰাজ্যসমূহ অন্বেষণ কৰিব। এই এদিনীয়া যাত্ৰাৰ মূল উদ্দেশ্য ঘৰুৱা পৰ্যটনৰ (Tourism) প্ৰচাৰ কৰা। ইয়াৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে।
‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ আৰু ‘দেখো আপনা দেশ’ পদক্ষেপৰ অধীনত দুসপ্তাহজোৰা এই ৰেʼল যাত্ৰা। ঘৰুৱা পৰ্যটনৰ প্ৰসাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ অন্বেষণ কৰাটো বিশেষ পদক্ষেপ বুলি ঘোষণা কৰিছে ৰেʼলৱেয়ে। ভাৰত গৌৰৱ ডিলাক্স এচি পৰ্যটন ৰে’ল তাৰেই পদক্ষেপ।

জানিব পৰা মতে, ভাৰত গৌৰৱ ৰেʼলৰ যাত্ৰীসকলৰ বাবে বিশেষ অনুমতি প্ৰদান কৰা হʼব। উত্তৰ-পূব সীমান্ত ৰেʼলৱেৰ বিষয়াসকলে জনোৱা মতে, ১৪ নিশা ১৫ দিনৰ এই ৰেʼল যাত্ৰা। ভাৰত গৌৰৱ ৰেʼলৰ প্ৰথম যাত্ৰাত বৃহস্পতিবাৰে পুৱা গুৱাহাটী হৈ পৰ্যটকসকলে কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰ পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰত সূৰ্যাস্তৰ ক্ৰুজ পৰিদৰ্শন কৰিব।
তাৰ পিছত শিৱসাগৰ হৈ এই ৰেʼলখনে পিছদিনা পুৱা অৰুণাচলৰ নাহৰলাগুন পাবগৈ। ৰেʼলৱেৰ যৌথ উদ্যোগ হিচাপে ভাৰত গৌৰৱ এচি ডিলাক্স ট্ৰেইন মুকলি কৰা হৈছে। এই ৰেʼলখনে উত্তৰ-পূৰ্বাঞ্চলৰ দৰ্শনীয় স্থানসমূহক এক ভ্ৰমণসূচীত লৈ আহিছে।
ভাৰত গৌৰৱ এচি ডিলাক্স ৰে’ল আধুনিক সুবিধাৰে সজ্জিত হোৱাৰ বাবে এজন ভ্ৰমণকাৰীয়ে অতি সহজ আৰু সুবিধাজনকভাৱে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিব পাৰে। এই ৰেʼলখনত মুঠ ৩
টা শ্ৰেণী আছে- প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণী। ৰেʼলখনত বিভিন্ন সা-সুবিধা আছে।প্ৰতিটো ডবাত সকলো জনপ্ৰিয় ভাৰতীয় খাদ্য পৰিবেশন কৰা হʼব। ইয়াৰ উপৰি নিৰাপদ আৰু সুৰক্ষিত যাত্ৰাৰ বাবে বিশেষ ৰেষ্টুৰেণ্ট, আধুনিক সুবিধা থকা বাথৰুম আৰু উচ্চমানৰ নিৰাপত্তা ব্যৱস্থা থাকিব।