
মালিগাঁওস্থিত কামাখ্যা ৰে’ল জংচনৰ পৰা জব্দ ৫০০টকীয়া জাল নোট। কামাখ্যা ৰে’লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত ৩নং প্লেটফৰ্মত চলাইছিল অভিযান। ভাৰপ্ৰাপ্ত বিষয়া যাদৱ চেতিয়াৰ নেতৃত্বত চলিছিল অভিযান। অভিযানত বহিঃৰাজ্যৰ এজন লোকৰ পৰা জব্দ জাল নোট।
ধৃত লোকজন বিহাৰৰ পংকজ কুমাৰ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰিছে ১১লাখ ৮হাজাৰ টকাৰ জাল নোট। গুৱাহাটীৰ পৰা জাল নোটখিনি সংগ্ৰহ কৰিছিল পংকজ কুমাৰে। ৩ লাখ টকাৰ বিনিময়ত এইখিনি জাল নোট দিছিল ধৃত লোকজনক। সামাজিক মাধ্যম যোগে প্ৰৱঞ্চকৰে চিনাকি হৈছিল পংকজ কুমাৰে।

পাছতে প্ৰৱঞ্চকৰ কথা মতে গুৱাহাটীত উপস্থিত হৈ সংগ্ৰহ কৰিছিল জাল নোট। অৱশ্যে নোটসমূহ নকল বুলি জ্ঞাত নহয় বুলি মন্তব্য ধৃত পংকজৰ। বৰ্তমান কামাখ্যা ৰে’লৱে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত













