
সমগ্ৰ অসম কঁপাই যোৱা তথা দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা ৰিয়া তালুকদাৰ হত্যাকাণ্ডৰ হত্যাকাৰী স্বামী ৰামানুজ গোস্বামীৰ আৰক্ষীৰ গুলীত মৃত্যু।
উল্লেখযোগ্য যে পত্নী ৰিয়া তালুকদাৰক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ কেইবাটুকুৰা কৰি ৰেফ্ৰিজাৰেটৰত ছিন্ন মুণ্ড সুমুৱাই থোৱাৰ দৰে আসুৰিক কাণ্ড সংঘটিত কৰিছিল ৰামানুজে। হাতীগাঁৱৰৰ বশিষ্ঠপুৰৰ বাসগৃহত ২৫ বছৰীয়া পত্নী ৰিয়া তালুকদাৰক এনেদৰে হত্যা কৰাৰ দুদিন পিছত হাতীগাঁও থানাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল স্বামী ৰামানুজে। ইয়াৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ জিম্মাত লোৱা হয়।

কিন্তু যোৱা নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ গৈ থকাৰ সময়ত নৰকাসুৰ পাহাৰৰ ওচৰত আৰক্ষীৰ বাহনৰ পৰা জঁপিয়াই পলাই যাবলৈ চেষ্টা কৰে। ফলত উপায়ন্তৰ হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।
আৰক্ষীৰ গুলীত ৰামানুজ অতি গুৰতভাৱে আঘাতপ্ৰাপ্ত হয় আৰু নৰকাসুৰ পথৰ ঘটনাস্থলীতে মৃত্যু হয়।













