
হাতীগাঁওৰ লক্ষ্মীনাথ বেজবৰুৱা পথত অঘটন।কুঁৱাত পৰি কৰুণ মৃত্যুক সাবটিলে শ্যামল সাহা নামৰ এজন ব্যক্তি।কুঁৱাত কি পৰিস্থিতিত পৰি লোকজনৰ মৃত্যু হল এয়া ৰহস্যৰ আৱৰ্তত।

গুৱাহাটীত কাঠমিস্ত্ৰীৰ কাম কৰিছিল কোচবিহাৰৰ শ্যামল সাহাই ।৫০ বছৰীয়া সাহাই লক্ষ্মীনাথ বেজবৰুৱা পথত ভাড়াতীয়া হিচাপে অকলে বাস কৰিছিল ।নিশা প্ৰায় ১১ বজাত প্ৰতিবেশীয়ে ব্যক্তিজন কুঁৱাত পৰাৰ কথা আৰক্ষীক অবগত কৰে।
ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ লোক উপস্থিত হৈ প্ৰায় ১ ঘণ্টাৰ মূৰত মৃত অৱস্থাত সাহাক উদ্ধাৰ কৰে।মৰোনত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হয়।













