![]()
বলীউডৰ (Bollywood) ডাঙৰ খবৰ! অৱশেষত বিয়াত বহিব ওলাইছে ছলমান খান (Salman Khan) ! দীপাৱলীত তেওঁৰ বিয়া হ’ব। পিছে কইনা কোন? ততাতৈয়াকৈ তেওঁৰ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক ভাইজান। অৱশ্যে সেইদিনা চাৰিখন হাত যে এক হʼব তাত কোনো সন্দেহ নাই।

খবৰ বিয়পি পৰাৰ লগে লগে উত্তেজিত মায়ানগৰী। “এলিজেবল বেচেলৰ” (Eligible Bachelor) ৫৭ পুৰণি নামটো মাৰ যাব ওলাইছে নেকি? সমালোচকসকলে কয়, প্ৰকৃত খবৰটো বেলেগ। ছলমানৰ বিয়া হʼব। কিন্তু সেয়া ৰূপালী পৰ্দাতহে। সেইটোও ‘প্ৰেম’ৰ নামত।
আপুনি ঠিকেই শুনিছে, পুনৰ পৰ্দালৈ উভতি আহি আছে ‘প্ৰেম’। উভতি আহি আছে ছলমান-সূৰজ বৰজাতিয়া (Sooraj Barjatya)। যদি সকলো ঠিকে থাকে তেন্তে ২০২৪ চনত দুয়োজনে ‘প্ৰেম কি ছাদি’ (Prem Ki shadi) ক একত্ৰিত কৰি আনিবলৈ ওলাইছে।

ছবিখন মুক্তি পাবলৈ এতিয়াও এবছৰ আছে। গতিকে তেওঁলোকে ছবিখনৰ নায়িকাৰ নাম তৎক্ষণাত প্ৰকাশ কৰিব নিবিচাৰে। সূৰজ-ছলমান যোৰা মানে হিট চিনেমা।
পৰিচালকে সদায় দৰ্শকক পাৰিবাৰিক ছবি উপহাৰ দি আহিছে। দুয়োৰে শেষ ছবিখন আছিল ‘প্ৰেম ৰতন ধন পায়ো’। ছবিখনত ছলমানৰ বিপৰীতে অভিনয় কৰিছিল চোনম কাপুৰে। যদিও সূৰজে নিজেই তাৰ পিছত ‘উচাই’ৰ পৰা ছলমানক বাদ দিছিল। অৱশ্যে দুয়োৰে মাজত ‘প্ৰেম কি ছাদি’ক লৈ দীৰ্ঘদিন ধৰি আলোচনা চলি আহিছে। নৱেম্বৰৰ পৰা আৰম্ভ হʼব ছবিখনৰ শ্বুটিং।
আৰু খবৰ অনুযায়ী, এইবাৰো ছলমানৰ সৈতে এখন পাৰিবাৰিক ছবি আনিবলৈ ওলাইছে সূৰজে। ছবিখনৰ পটভূমিত এহাল দম্পতীৰ জীৱন। যিসকলে পৰিয়ালৰ প্ৰতি দৃঢ় দায়বদ্ধ। এই মুহূৰ্তত ছলমানৰ হাতত দুখন ছবি আছে। পূজা হেগড়েৰ (Puja Hegde) সৈতে ‘কিছি কা ভাই কিচি কি জান’ আৰু কেটৰিনা কাইফৰ (Katrina Kaif) সৈতে ‘টাইগাৰ ৩’ (Tiger 3)।
চলিত বৰ্ষৰ ঈদত মুক্তি পাব ছলমান-পূজাৰ ছবি। এইবাৰ প্ৰথমবাৰৰ বাবে পৰ্দাত যুটি বান্ধিছে তেওঁলোকে। প্ৰথমখন ছবিতে তেওঁলোকৰ ৰসায়নক লৈ যথেষ্ট হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। দৰ্শকে কেটৰিনা-ছলমানক এটা ফ্ৰেমত চাবলৈও আগ্ৰহী। আৰু ইয়াৰ বাবে দীপাৱলীলৈ অপেক্ষা কৰিব লাগিব।













