অসম চৰকাৰৰ পৰিবহন বিভাগে ৰাজপথত দুৰ্ঘটনা ৰোধ কৰিবলৈ পথ সুৰক্ষা সমিতিৰ লগতে যান-বাহন আৰক্ষীক সষ্টম কৰি ৰাখিলেও প্ৰতিৰোধ হোৱা নাই ৰাজপথৰ দুৰ্ঘটনা৷ জিলা পথ সুৰক্ষা সমিতিয়ে কাৰবি আংলং জিলাৰ ৰাজপথ সমূহত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ইয়াৰ অংশীদাৰসকলকলৈ সভা-সমিতি আৰু অনান্য পদ্ধতিৰে সজাগতা সৃষ্টি কৰি আহিলেও পাৰ্বত্য জিলাখনত বন্ধ নহ’ল পথ দুৰ্ঘটনা৷
আজি মাঞ্জা (Manja)ৰ সমীপৰ মহংদিজুৱা ৰাজপথ (Mohangdijuwa Highway)ত এগৰাকী স্বাস্থ্যকৰ্মীৰ পথ দুৰ্ঘটনাত অকাল মৃত্যু (Death in accident) হোৱা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত মাঞ্জা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (Primary Health Centre)ৰ দুই স্বাস্থকৰ্মী (health workers)য়ে AS-05-F-6230 নম্বৰৰ স্কুটীৰে লংনিট অভিমুখে গৈ থকা অৱস্থাত পিছফালৰ পৰা আহি থকা AS-05-C-2223 পঞ্জীয়ন নম্বৰৰ ট্ৰাক এখনে অসাৱধান আৰু তীব্ৰ বেগে স্কুটীখন খুন্দিয়াই (Knocking the scooty) দিয়াৰ ফলত পিছফালে বহি থকা নিতু পাঙিঙ নামৰ স্বাস্থ্য কৰ্মীগৰাকী মুৰত গুৰুতৰভাবে জখম প্ৰাপ্ত হয় আৰু থিতাতে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়৷
দুৰ্ঘটনাত স্কুটী চালক হিচাপে থকা আন গৰাকী স্বাস্থ্য কৰ্মীও জখম প্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয় ঘটনাৰ ঘটনাৰ খবৰ লাভ কৰি দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় যদিও চালকজন পলাই যায় বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা দিছে৷