
বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে গোচৰৰ (Supreme Court) এটা শুনানিত কয় যে নাবালিকাক গৰ্ভপাত (Abortion of a minor girl) নকৰাবলৈ বাধ্য কৰাব নোৱাৰি। একে সময়তে আদালতে কেন্দ্ৰীয় চৰকাৰকো সমালোচনা কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে কেন্দ্ৰই বৰ্তমানৰ আইনখন সংশোধন কৰিব লাগে, যাতে ধৰ্ষণৰ বলি হোৱা লোকসকলক গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছতো (বিশেষকৈ ২৪ সপ্তাহৰ পিছত) স্বেচ্ছাই গৰ্ভপাত (Abortion by choice) কৰিবলৈ দিয়া হয়।
চলিত মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে ৩০ সপ্তাহৰ গৰ্ভৱতী এগৰাকী ১৫ বছৰীয়া কিশোৰীক গৰ্ভপাতৰ অনুমতি দিছিল। আদালতৰ নিৰ্দেশ পুনৰীক্ষণৰ বাবে আবেদন দাখিল কৰিছিল এইমছত। বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠত শুনানিৰ বাবে এই গোচৰটো আহিছিল। দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে এইমছৰ আবেদনক লৈ প্ৰশ্ন উত্থাপন কৰে। আদালতে পৰ্যবেক্ষণ কৰে যে নাবালিকাগৰাকীক ধৰ্ষণ কৰা হৈছে। যদি গৰ্ভপাতৰ অনুমতি নিদিয়ে তেন্তে তেওঁ গোটেই জীৱন সেই মানসিক আঘাত কঢ়িয়াই লৈ ফুৰিব লাগিব। সেই ক্ষেত্ৰত আদালতে অনুভৱ কৰে যে নাবালিকা মাতৃৰ কোনো শাৰীৰিক অক্ষমতা নাথাকিলে গৰ্ভপাত কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে এইমছৰ আগত কয় যে কাৰোবাৰ জোৰকৈ গৰ্ভধাৰণ কৰিব নোৱাৰি যদিহে তেওঁ নিবিচাৰে। বিচাৰপীঠৰ মন্তব্য, “ভাবি চাওকচোন, তেওঁ এতিয়াও সৰু। তেওঁ এতিয়া পঢ়া-শুনাত ব্যস্ত থাকিব লাগে। কিন্তু আমি তেওঁক জোৰ কৰি মাতৃ হ’বলৈ বাধ্য কৰিছোঁ। কল্পনা কৰকচোন, এই গোটেই প্ৰক্ৰিয়াটোত নাবালিকাগৰাকীয়ে কিমান মানসিক যন্ত্ৰণা ভোগ কৰিছে!”
স্বেচ্ছামূলক গৰ্ভপাতৰ বাবে আইনখন সংশোধন কৰাটো প্ৰয়োজনীয় বুলিও মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে অনুভৱ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কেন্দ্ৰক কয়, “অনুগ্ৰহ কৰি আইন সংশোধন কৰক, ধৰ্ষণ বা তেনেধৰণৰ ঘটনাৰ বাবে যদি কোনোবাই অবাঞ্চিত গৰ্ভধাৰণ কৰে তেন্তে স্বেচ্ছামূলক গৰ্ভপাতৰ কোনো সময়সীমা থাকিব নালাগে।” আদালতে অনুভৱ কৰে যে আইনখন অধিক প্ৰগতিশীল আৰু সময়ৰ লগত খোজ মিলাই কৰিব লাগিব। মুখ্য ন্যায়াধীশগৰাকীয়ে কেন্দ্ৰক কয় যে আইনখন এনেদৰে সংশোধন কৰিব লাগে যাতে এসপ্তাহৰ ভিতৰত এনে আবেদনৰ শুনানি হয়।
উচ্চতম ন্যায়ালয়ে ভুক্তভোগীৰ পিতৃ-মাতৃৰ সৈতে কথা পাতি উচিত পৰামৰ্শ প্ৰদান কৰিবলৈ এইমছক নিৰ্দেশ দিয়ে। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিছে যে চূড়ান্ত সিদ্ধান্ত নাবালিকাগৰাকীয়ে গ্ৰহণ কৰিব।












