![]()
৮০ বছৰ বয়সতো তেওঁ এজন চফল ডেকা। গতিকে তেওঁ নিজৰ ষ্টাণ্ট নিজেই কৰে। যুঁজৰ দৃশ্যত বডি ডাবল ব্যৱহাৰ কৰা নহয়। শেহতীয়াকৈ ‘প্ৰজেক্ট কেʼ (Project K)ৰ গুলীচালনাত গুৰুতৰভাৱে আহত (seriously injured) হয় শ্বেহেনছাহ। তেওঁ পেশীত আঘাত পাইছে। ডাক্তৰৰ পৰামৰ্শ লৈ অৱশ্যে ঘৰলৈ উভতি আহে। তাৰ পিছত একেবাৰেই শয্যাশায়ী। যন্ত্ৰণাত ভুগি আছে। ‘কুলি’ৰ পিছত পুনৰ ইমান ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছে তেওঁ। দুৰ্ঘটনাটোৰ খবৰটো অমিতাভে (Amitabh) নিজেই দিছিল। উদ্বিগ্ন অনুৰাগীয়ে বনজুইৰ দৰে এই খবৰ বিয়পাই দিয়ে। মঙলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৰঙৰ উৎসৱ হোলী।
চিলচিলাৰ অমিত মালহোত্ৰাৰ এনে উৎসৱৰ দিনটো কেনেকুৱা হৈছে? তেওঁ নিজেই অনুৰাগীসকলক সেই খবৰটো জনাইছে।

মঙলবাৰে তেওঁ নিজৰ অনুৰাগীসকলক ধন্যবাদ জনায় তেওঁৰ কাষত থকাৰ বাবে। কাৰণ তেওঁৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছিল। সকলোৰে প্ৰাৰ্থনাৰ বাবে তেওঁ অতি সোনকালে সুস্থ হৈ উঠিছে বুলি দাবী কৰে। তেওঁ জিৰণি লৈ আছে এতিয়া দ্ৰুত আৰোগ্য লাভৰ বাবে। তেওঁ এটা ব্লগ পোষ্টত জনাইছে, “হায়দৰাবাদত ‘প্ৰজেক্ট কে’ৰ শ্বুটিঙৰ সময়ত, একচন দৃশ্যত আঘাতপ্ৰাপ্ত হৈছিল.. ৰিবত কাৰ্টিলেজ ভাঙিছিল। আৰু সোঁফালৰ ৰিব মাছল ফাটি গৈছে.. শ্বুটিং বাতিল কৰা হৈছে এতিয়াৰ বাবে.. চিটি স্কেন কৰা হৈছে এআইজিত। হস্পিটেল, হায়দৰাবাদ… ঘৰলৈ ৰাওনা হওঁ .. ষ্ট্ৰেপিং কৰি জিৰণি লোৱাৰ পৰামৰ্শ দিয়া হ’ল .. শৰীৰৰ বিষ .. চলাচল আৰু উশাহ লোৱাত অসুবিধা .. চিকিৎসকে কয় যে ভাল হ’বলৈ কেইসপ্তাহমান লাগিব .. বিষ কমোৱাৰ বাবে কিছু ঔষধ প্ৰেছক্ৰিপচন দিলে .. ৷”
আঘাতৰ বাবে বিগ বি (Big B)ৰ সকলো কাৰ্যকলাপ সম্প্ৰতি স্থগিত ৰখা হৈছে। খবৰ অনুসৰি, সম্পূৰ্ণ সুস্থ হৈ উঠাৰ পিছত তেওঁ চেটলৈ ঘূৰি আহিব। বলীউড (Bolywood)ৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অমিতাভে সম্প্ৰতি জিৰণি লʼব। সকলো যোগাযোগ মোবাইলত হʼব। চিকিৎসকে তেওঁক দীৰ্ঘদিন জিৰণি লʼবলৈ পৰামৰ্শ দিছে। অৱশ্যে এই ব্যৱস্থাত বিগ বি সুখী নহয়। প্ৰতিদিনে পুৱা আৰু সন্ধিয়া জলছাৰ গে’টত অনুৰাগীৰ ভিৰ। নিয়মিতভাৱে লগ পায়। এতিয়া কেইবাদিনো বন্ধ হৈ থাকিব সকলো। তাৰ বাবে অমিতাভৰ মন বেয়া।













