কাৰ্বি আংলং(Karbi Anglong) স্বায়ত্বশাসিত পৰিষদৰ বিত্তীয় অৱস্থা এতিয়া তেনেই শোচনীয়। পৰিষদৰ এই শোচনীয় বিত্তীয় অৱস্থাৰ তথ্য আজি ফাদিল কৰে জইন্ট ক- অৰ্ডিনেছন কমিটি ফৰ প্ৰটেক অটʼনমি নামৰ সংগঠনটোৱে।
![Karbi Anglong I কাৰ্বি আংলং স্বায়ত্বশাসিত বিত্তীয় অৱস্থা শোচনীয় সংবাদমেলযোগে শোচনীয় অৱস্থা প্ৰকাশ কৰিলে জেচিচিপিয়ে 3 কাৰ্বি আংলং](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/03/c18f58e4-2150-4cf9-a071-2ab9f94e1f75.jpeg?resize=1280%2C694&ssl=1)
সংগঠনটোৰ নেতা খৰছিং তেৰণ, ৰবীন্দ্ৰ ৰংপি আৰু ছয় ৰংপিয়ে এখন সংবাদমেলযোগে পৰিষদে সংবিধানৰ পৰা ৭ (২) অনুযায়ী ধনৰ লেনদেনৰ নিয়মসমূহ ভাগ কৰাৰ অভিযোগ তোলে সংগঠনটোৱে। সংবাদমেলযোগে বিজেপি নেতৃত্বাধীন পৰিষদখনে চৰম বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলি পৰিষদখনে নিয়ম বৰ্হিভূতভাৱে ধন খৰচ কৰাৰ অভিযোগ তোলে।
সংবাদমেলযোগে কয় যে বিগত তিনিমাহ ধৰি পৰিষদখনে ইয়াৰ অধীনৰ কৰ্মচাৰীসকলক দৰমহা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই। আনহাত, দুয়োখন পাৰ্বত্য জিলাৰ অপ্ৰাদেশীকৃত বিদ্যালয় আৰু মহাবিদ্যালয়ৰসমূহৰ শিক্ষকসকলক তিনিমাহৰ পৰা ১২ মাহ পৰ্যন্ত দৰমহা প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ তোলে।
পৰিষদে বহু অযথা ধন ব্যয় কৰি পৰিষদৰ বিত্তীয় অৱস্থা শোচনীয় কৰি তুলিছে বুলি অভিযোগ কৰি যোৱা নৱেম্বৰ মাহত কাৰ্বি আংলং জিলা দিৱস উদযাপনৰ নামত বলিউডৰ অভিনেতা, গায়ক- গায়িকা আনি কোটি কোটি টকা অবাদে খৰচ কৰাৰ অভিযোগ তোলে। পৰিষদৰ শোচনীয় বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি পৰিষদে এইদৰে অযথা খৰচ ৰোধ কৰিবলৈ পৰিষদক পৰামৰ্শ আগবঢ়াই সংগঠনটোৱে।
ইপিনে পৰিষদটোৱে বিজেপি নেতা- পালিনেতা সকলক সন্তুষ্ট কৰিবলৈ ২৮জনকৈ পৰিষদৰ বিভিন্ন বিভাগৰ বৰ্ড অধ্যক্ষ নিযুক্ত প্ৰদান কৰা কাৰ্যৰো তীব্ৰ সমালোচনা কৰি এনেদৰে পৰিষদে নিজৰ ৰাজহৰ লগতে পৰিষদখনে লাভ কৰা ধন অযথা ব্যয় কৰাৰ অভিযোগ তোলে। সংগঠনটোৱে পৰিষদৰ ভূমি বন্দবস্তি আৰু কাৰ্বি লেংগুৱেজ ডেভলপমেন্ট বৰ্ডৰ বাহিৰে আন কোনো এটা বৰ্ডৰে কোনো কাৰ্য ক্ষমতা নাই বুলি প্ৰকাশ কৰি এয়া কেৱল ৰাজনৈতিক সংস্থাপনৰ বাবে পৰিষদে কৰা ব্যয় বুলি অভিহিত কৰে।
পৰিষদখনে এইদৰে নিজ খেয়াল খুচি মতে পৰিষদৰ ধন ব্যয় কৰাৰ ফলত দুয়োখন পাৰ্বত্য জিলাবাসীয়ে এতিয়া কুফল ভোগ কৰিব লাগিব বুলিও সংবাদমেলত অভিযোগ কৰে। পৰিষদখনৰ নেতৃবৰ্গক অতিশীঘ্ৰে এইদৰে কৰা অযথা ব্যয় বন্ধ কৰি ৰাইজৰ উন্নয়ন আৰু জনহিতকৰ কামত মনোনিবেশ কৰিবলৈও আহ্বান জনায় সংগঠনটোৰ নেতৃবৰ্গই।