![]()
নির্বাচন প্রক্রিয়াত ‘স্বচ্ছতা বৰ্তাই ৰাখিবলৈ’ বৃহৎ পদক্ষেপ গ্ৰহণ ছুপ্রিম কোর্ট (Suprem Court)ৰ। বৃহস্পতিবাৰে শীর্ষ আদালতে জনাইছে, দেশত নির্বাচন আয়োগসকলক (Election Commissions) নিয়োগ (Appointed) কৰিব এখন কমিটিয়ে । এই কমিটিৰ সদস্য হিচাবে থাকিব দেশৰ প্রধান ন্যায়াধীশ, প্রধানমন্ত্রী আৰু বিৰোধী দলৰ নেতা (Chief Justice, Prime Minister and Leader of Opposition)। ছুপ্রিম কোর্টৰ এই পদক্ষেপক ‘ঐতিহাসিক’ বুলি অভিহিত কৰিছে বহুতেই।

বৃহস্পতিবাৰে ছুপ্রিম কোর্টত এই প্রসঙ্গত ৰায় দিবলৈ গৈ জনাইছে, সমগ্র দেশত নির্বাচন প্রক্রিয়া সম্পন্ন কৰাৰ বাবে নির্বাচন আয়ুক্তসকলৰ ভূমিকা অতি গুৰুত্বপূর্ণ। পৰিবর্তিত পৰিস্থিতিত তিনি সদস্যৰ কমিটিখনে নতুন নির্বাচন আয়ুক্তসকলৰ নাম প্রস্তাৱ কৰিব। তাৰ ভিত্তিতেই আয়ুক্তসকলক নিযুক্ত কৰিব ৰাষ্ট্রপতিয়ে।












