ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে (Ministry of Electronics and Information Technology) গৃহ মন্ত্ৰালয়ৰ পৰা চীন (China)ৰ সৈতে জড়িত ২০০টা নিষিদ্ধকৰণৰ ব্যৱস্থা কৰা হৈছে। এই এপসমূহ জুৱাৰ সৈতে জড়িত ১৩৮টা এপ (App)ৰ লগতে ৯৪ টা এপ ঋণ আৰু লোণ লিডিং ছেকচনৰ সৈতে জড়িত। কেন্দ্ৰীয় চৰকাৰে এপসমূহৰ ক্লেম্প ডাউন আৰু নিষিদ্ধ কৰিছে।
তথ্যনুসৰি, ভাৰতবৰ্ষৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে জৰুৰীকালীনভাৱে এপসমূহ ব্লক কৰাৰ ব্যৱস্থা কৰিছে। বিগত বৰ্ষসমূহত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ২৫০ টা চীনা এপ ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, ভাৰতৰ প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে বুলি নিষিদ্ধ কৰিছিল।
কেন্দ্ৰই নিষিদ্ধ কৰা এপসমূহৰ ভিতৰত আছে ক্ৰমে টিক টক, জেণ্ডাৰ, পাবজি, কেমস্কেনাৰ, গাৰিনা ফ্ৰী ফায়াৰৰ দৰে জনপ্ৰিয় এপ। ব্যৱহাৰকাৰীৰ পৰা গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰাৰ লগতে এই এপসমূহত লগ ইন কৰিবলৈ হ’লে ব্যৱহাৰকাৰীসকলৰ পৰা অনুমতি বিচাৰে বুলিও প্ৰকাশ পাইছে। উল্লেখ্য যে, বিভিন্নটা এপৰ লগতে কেন্দ্রই ঋণ দিয়াৰ এপ সন্দর্ভত কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই লেণ্ডিং এপৰ প্ৰশাসকৰ হাৰাশাস্তি সহ্য কৰিব নোৱাৰাৰ বাবেই বহু লোকে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া হৈছিল। এই ঋণ দিয়া এপসমূহ নিষিদ্ধকৰণে ৰাইজক যথেষ্ট সকাহ প্ৰদান কৰিব।
আনহাতে, দেশৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI)য়েও বিগত সময়ত লোন লেণ্ডিং এপৰ ক্ষেত্ৰত মানুহক সাৱধান হ’বলৈ কৈছিল RBI অনুমোদিত বিত্তীয় প্ৰতিষ্ঠানৰ পৰাহে ঋণ ল’বলৈ আহ্বান জনাইছিল। এই এপ গুগল প্লে ষ্ট’ৰৰ পৰা আঁতৰাই দিয়া হ’ব।