আজি অসমৰ বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, অসমীয়া ভাষাৰ অনন্য সাধক তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক দেৱেন দত্ত (Deven Dutta)ই নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Numaligarh Higher Secondary School) উপস্থিত হয়। দত্তই বিদ্যালয়খনৰ উন্নয়ন পৰ্যবেক্ষণ কৰি সন্তোষ প্ৰকাশ কৰে। তেখেতে কয় যে বিদ্যালয়খনৰ পূৰ্বৰ তুলনাত বহু উন্নতি সাধন হৈছে।
আজি বন্ধৰ দিনতো প্ৰধান শিক্ষকৰ লগতে কেইবাজনো শিক্ষক-শিক্ষয়িত্ৰীক লগ পাই এক অন্তৰংগ আলাপত মিলিত হয়।তেখেতে অসমীয়া ভাষা সাহিত্যৰ লগতে বুৰঞ্জীত সন্নিবিষ্ট আৰু বুৰঞ্জীত সন্নিবিষ্ট নোহোৱা বহু বিষয়ত আলোকপাত কৰে।
তেখেতে বিদ্যালয়ৰ কলা-কৃষ্টী ভৱন পৰিদৰ্শন কৰি যথেষ্ঠ সন্তোষ প্ৰকাশ কৰে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতো মত বিনিময় কৰে। বিদ্যালয়ৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।