প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পিছত এইবাৰ বিজেপিৰ সভাপতি জে পি নাড্ডাৰ মুখত সাম্প্ৰদায়িক ভাষণ (Communal speech of J P Nadda)। নাড্ডাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰত ‘মুছলিম’ শব্দ ব্যৱহাৰ (Usage of the word ‘Muslim’) কৰি ৰাজনীতিক মেৰুকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই পৰিপ্ৰেক্ষিতত ইতিমধ্যে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে মোডীৰ উত্তৰ বিচাৰি জাননী প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে শুকুৰবাৰে মুম্বাইত নাড্ডাই কয়, “কংগ্ৰেছ আৰু ইয়াৰ ‘ইণ্ডি’ (‘ইণ্ডিয়া’) মিত্ৰজোঁটৰ গোপন উদ্দেশ্য অনুসূচিত জাতি-জনজাতি (SC-ST) আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) অধিকাৰ কাঢ়ি লৈ মুছলমানক দিয়া। তেওঁলোকৰ প্ৰধানমন্ত্ৰী মনমোহনে নিজেই কৈছিল, ‘দেশৰ সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে’। কিন্তু আমাৰ প্ৰধানমন্ত্ৰী মোডীজীয়ে দেশৰ ধন-সম্পত্তিতকৈ দুখীয়াক অগ্ৰাধিকাৰ দিয়াৰ কথা কয়।”
তেওঁ লগতে অভিযোগ কৰে যে লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত অনুসূচিত জাতি-জনজাতিৰ অবিচিৰ প্ৰতি ‘ঘৃণা প্ৰদৰ্শন’ কৰা হৈছে।
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে মোডীকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই চৰকাৰৰ কাম-কাজ আৰু উন্নয়নৰ কথা কৈছিল যদিও দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে তেওঁলোকে হিন্দু-মুছলমান বিভাজনৰ কথা কৈ মেৰুকৰণৰ পুৰণি ‘অস্ত্ৰ’ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উত্থাপন হৈছে।
যোৱা দেওবাৰে ৰাজস্থানৰ বাস্বোৱাৰাত বিজেপিৰ এখন বৈঠকত মোডীয়ে কয়, “দেশৰ ধন-সম্পত্তিৰ ওপৰত মুছলমানসকলৰ অগ্ৰণী অধিকাৰ আছে বুলি পূৰ্বৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে পূৰ্বতে কৈছিল। সেইবাবেই কংগ্ৰেছে এক সমীক্ষা চলোৱাৰ পৰিকল্পনা কৰিছে, যাতে দেশবাসীৰ কষ্টোপাৰ্জিত ধন মুছলমান আৰু অনুপ্ৰৱেশকাৰীৰ মাজত বিতৰণ কৰিব পৰা যায়।” পিছলৈ সোমবাৰে উত্তৰ প্ৰদেশৰ আলিগড়ত তেওঁ কয়, “কংগ্ৰেছৰ চকু আপোনাৰ সম্পত্তিৰ ওপৰত। ক্ষমতালৈ আহিলেই মাতৃ-ভগ্নীৰ মংগলসূত্ৰও কাঢ়ি নিব। কাক দিয়া হ’ব সেয়া আপোলোকে জানে।”
কিন্তু মনমোহন সিঙে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত কৈছিল, “দেশৰ সম্পদত অগ্ৰাধিকাৰ পিছপৰা সম্প্ৰদায়ৰ।”
তাৎপৰ্যপূৰ্ণভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ ভাষণতো মুছলমান বিষয়টো আহি পৰে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ কয়, “আপুনি সংবিধানৰ পৰিৱৰ্তে দেশত শ্বৰীয়ত শাসন প্ৰৱৰ্তন কৰিব বিচাৰে নেকি সেই বিষয়ে স্পষ্ট ব্যাখ্যা দিয়ক।”