ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 11, 2026
Reading Time: 1 min read
A A
0
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

উৎকোচ আৰু জালিয়াতিৰ অভিযোগ (Bribery and fraud charges)ত উদ্যোগপতি গৌতম আদানী (Entrepreneur Gautam Adani)ৰ বিৰুদ্ধে গোচৰ খাৰিজ (Dismissal of case) কৰিছে আমেৰিকাৰ আদালতে (American court)। সোমবাৰে (স্থানীয় সময় অনুসৰি) ব্ৰুকলিনত আমেৰিকাৰ জিলা ন্যায়াধীশে এই সিদ্ধান্ত ঘোষণা কৰে। অৱশ্যে আমেৰিকাৰ ন্যায় বিভাগে গোচৰ খাৰিজ কৰাৰ সিদ্ধান্তক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰে। ন্যায়াধীশগৰাকীৰ মতে, বিষয়টো “উদ্বেগজনক”।

মে’ মাহত ৰাজহুৱা হৈছিল যে আমেৰিকা প্ৰশাসনে আদানীৰ বিৰুদ্ধে গোচৰটো আগবঢ়াই নিব নিবিচাৰে। ব্ৰুকলিনৰ এখন আদালতত চৰকাৰী অভিযুক্তই আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ কৰিবলৈ এক অভূতপূৰ্ব অনুৰোধ জনায়। যদিও ন্যায়াধীশে এই কথাত সন্মতি দিছিল, তথাপিও তেওঁ গোচৰটোৰ ওপৰত কিছু প্ৰশ্ন উত্থাপন কৰিছিল। ২০২৪ চনৰ নৱেম্বৰৰ ভিতৰত আদানীয়ে আমেৰিকাত ১ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতিৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে নেকি সেয়াও তেওঁ জানিব বিচাৰিছিল।

সোমবাৰে ন্যায়াধীশ নিকোলাছ গাৰাউইয়ে আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰি কয় যে তেওঁ বিশ্বাস নকৰে যে এই বিনিয়োগে ন্যায় বিভাগৰ সিদ্ধান্তত প্ৰভাৱ পেলাইছে। এই গোচৰত তেওঁ সোঁৱৰাই দিয়ে যে এজন ন্যায়াধীশৰ ৰাজহুৱা অভিযুক্তৰ সিদ্ধান্ত পুনৰীক্ষণ কৰাৰ ক্ষমতা সীমিত। আদানীক প্ৰতিনিধিত্ব কৰা অধিবক্তাসকলৰ সৈতে আলোচনা কৰি গোচৰটো নিষ্পত্তি কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে সহকাৰী ৰাজহুৱা অভিযুক্ত ট্ৰেণ্ট মেককটাৰক সমালোচনা কৰে ন্যায়াধীশগৰাকীয়ে। ইয়াৰ পূৰ্বে ব্ৰুকলিন আদালতে আমেৰিকাৰ ন্যায় বিভাগক এই গোচৰটো নিষ্পত্তি কৰিবলৈ কিয় এই সিদ্ধান্ত লোৱা হৈছে সেই বিষয়ে জানিবলৈ অনুৰোধ জনাইছিল। ইয়াৰ উত্তৰ দিবলৈ ১৩ জুলাইলৈকে সময় দিয়া হৈছিল।

adani1 | ASSAM TIMES POST
আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

অৱশ্যে উৎকোচ গোচৰ খাৰিজ কৰাৰ সিদ্ধান্তক আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে আদৰণি জনায়। সোমবাৰে মাজনিশা ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ লিখিছে, “আমি আমেৰিকাৰ আদালতৰ সিদ্ধান্তক নম্ৰতা আৰু গভীৰ সন্মানেৰে আদৰণি জনাইছো। সংকটৰ সময়তো আমি সততা, স্বচ্ছতা আৰু আইনৰ শাসনৰ ওপৰত নিৰ্ভৰ কৰি আহিছো।” আদানীয়ে গোচৰৰ সময়ত তেওঁক বিশ্বাস কৰাসকলকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে আদানী গ্ৰুপৰ মালিকানাধীন ‘আদানি গ্ৰীণ এনাৰ্জি লিমিটেড’ (এজিএল)-এ অন্ধ্ৰপ্ৰদেশকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ চৰকাৰী বিষয়াক (মন্ত্ৰী আৰু জনপ্ৰতিনিধিকে ধৰি) বজাৰ মূল্যতকৈ অধিক মূল্যত সৌৰশক্তিৰ বিক্ৰীৰ বাবে কোটেচন লাভ কৰিবলৈ উৎকোচ দিয়াৰ অভিযোগ উত্থাপন হৈছে। উৎকোচৰ ধনৰাশি ২৬.৫ কোটি ডলাৰ (২০২৯ কোটি টকা) বুলি দাবী কৰা হৈছে। এই তিনিটা অভিযোগৰ ভিত্তিত ২০২৪ চনত আমেৰিকাৰ ন্যায় বিভাগ আৰু বজাৰ নিয়ন্ত্ৰক এছ ই চিয়ে (চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন) ক্ৰমে অপৰাধমূলক আৰু দেৱানী অভিযোগ দাখিল কৰিছিল, যাৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল। আদানি গ্ৰুপে অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সদায় অস্বীকাৰ কৰি আহিছে।

ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত আমেৰিকাৰ ন্যায় বিভাগে ‘হাই-প্ৰফাইল’ অভিযুক্তৰ নামৰ সৈতে জড়িত কেইবাটাও গোচৰ খাৰিজ কৰিবলৈ অনুৰোধ জনাইছে। প্ৰায় দুবছৰ ধৰি চলি থকা আদানীৰ বিৰুদ্ধে উৎকোচ গোচৰটোও সেই তালিকাত সংযোজন হ’ল।

Tags: Adanibriberycase
Share4Tweet3Send

Related Posts

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

by News Desk
August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

by News Desk
August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

by News Desk
August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Delhi High Court : ছোৱালীয়ে কি পিন্ধে সেয়া ব্যক্তিগত কথা, দিল্লী উচ্চ ন্যায়ালয়

ADVERTISEMENT
India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে
National-International

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
50
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ
National-International

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
50
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

India Arunachal conflict : অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ, দ্বিপাক্ষিক সম্পৰ্ক নিৰ্ভৰ কৰিব সীমান্ত পৰিস্থিতিৰ ওপৰত; বেইজিঙক পুনৰ জনালে নতুন দিল্লীয়ে

August 12, 2026
Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

Pan Masala pakaging rules : প্লাষ্টিকৰ পেকেটত এতিয়াৰে পৰা বিক্ৰী কৰিব নোৱাৰিব পাণমচলা, নীতি সংশোধন কেন্দ্ৰৰ

August 12, 2026
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT