প্ৰয়োজন হ’লে হোৱাটছএপে (Whatsapp) ভাৰত এৰিব, কিন্তু তেওঁলোকে গোপনীয়তাৰ নিয়ম উলংঘা নকৰে। দিল্লী উচ্চ ন্যায়ালয়ত এই কথা কয় মেটাৰ অধিবক্তাই। উল্লেখযোগ্য যে ২০২১ চনত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা তথ্য প্ৰযুক্তিৰ নিয়মৰ ক্ষেত্ৰত হোৱাটছএপে নিজৰ স্থিতি স্পষ্ট কৰিছে। তেওঁলোকৰ অধিবক্তাই কয় যে গোপনীয়তাৰ নিশ্চয়তাৰ বাবেই মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। গতিকে তাৰ লগত কোনো আপোচ কৰিব নোৱাৰি।
২০২১ চনৰ ফেব্ৰুৱাৰী মাহত কেন্দ্ৰই তথ্য প্ৰযুক্তি (মধ্যৱৰ্তী নিৰ্দেশনা আৰু ডিজিটেল মিডিয়া নৈতিকতা সংহিতা) নিয়ম, ২০২১ জাৰি কৰে। তাত কোৱা হয় যে টুইটাৰ (বৰ্তমান এক্স), ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াই নতুন নিয়ম মানি চলিব লাগিব। প্ৰয়োজন হ’লে চাট অনুসৰণ কৰি যিকোনো ভাইৰেল তথ্যৰ উৎসৰ অনুসন্ধান কৰিব লাগিব।
হোৱাটছএপে ‘এণ্ড টু এণ্ড এনক্ৰিপচন’ সেৱা আগবঢ়াইছে। ইয়াৰ জৰিয়তে যিকোনো চাট নিজ নিজ ব্যৱহাৰকাৰীৰ বাবে সীমাবদ্ধ। সেই কথা-বতৰাত বাহিৰৰ কোনোৱেই সুবিধা নাপায়। আনকি হোৱাটছএপৰ মূল কোম্পানী মেটায়ো সেই চাটবোৰ পঢ়িব নোৱাৰে। কেন্দ্ৰই ঘোষণা কৰা নিয়ম অনুসৰি, প্ৰয়োজন হ’লে হোৱাটছএপে এই গোপনীয়তাৰ বেৰ ভাঙিব লাগিব। কিন্তু হোৱাটছএপ কৰ্তৃপক্ষই এই কথাত সন্মতি প্ৰকাশ কৰা নাই।
এই শুনানিত দিল্লী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ মনমোহন আৰু হোৱাটছএপৰ অধিবক্তা ন্যায়াধীশ মনমীত প্ৰীতম সিং অৰোৰাই কয় যে তেওঁলোকে গোপনীয়তা ৰক্ষাৰ পথ ভংগ কৰাটো সম্ভৱ নহয়।
তেনে কৰিবলৈ হ’লে মেছেজৰ এখন দীঘলীয়া তালিকা বহুদিনলৈ ৰাখিব লাগিব। কাৰণ কোনো মেছেজৰ বিষয়ে কেতিয়া তথ্যৰ প্ৰয়োজন হ’ব সেয়া আগতীয়াকৈ নিৰ্ধাৰণ কৰিব নোৱাৰি। ফলত লাখ লাখ মেছেজ বছৰ বছৰ ধৰি সংৰক্ষণ কৰিব লাগিব, যিটো অসম্ভৱ। গতিকে এই নিয়ম যদি হোৱাটছএপত প্ৰযোজ্য হয় তেন্তে তেওঁলোক ভাৰত এৰি যাবলৈও বাধ্য হ’ব। বিশ্বৰ আন কোনো দেশত হোৱাটছএপ সন্দৰ্ভত এনে কোনো নিয়ম প্ৰৱৰ্তন কৰা নাই বুলি তেওঁলোকৰ অধিবক্তাই জানিবলৈ দিয়ে।
আনহাতে, এই গোচৰত কেন্দ্ৰৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে ছ’চিয়েল মিডিয়াত আপত্তিজনক বাৰ্তা প্ৰচাৰৰ আহিলা হিচাপে প্ৰায়ে হোৱাটছএপ ব্যৱহাৰ কৰা হয়, যিটো জনসাধাৰণৰ বাবে ক্ষতিকাৰক। আনকি এনে বাৰ্তাই কেতিয়াবা সাম্প্ৰদায়িক অশান্তিৰ সৃষ্টি কৰে। গতিকে ২০২১ চনৰ উক্ত নিয়ম প্ৰৱৰ্তন কৰাটো প্ৰয়োজনীয়।
ইফালে আদালতে পৰ্যবেক্ষণ কৰে যে সাধাৰণ মানুহৰ গোপনীয়তাৰ অধিকাৰ আছে। কিন্তু ই কেতিয়াও নিৰপেক্ষ নহয়। দুয়োটাৰে মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজন। ১৪ আগষ্টত এই গোচৰ পুনৰ দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে আহিব।