‘মংগলসূত্ৰ কাঢ়ি লোৱা’ বনাম ‘মংগলসূত্ৰক সন্মান কৰা’ক লৈ এতিয়া শাসক-বিৰোধীৰ মাজত বিতৰ্কই শীৰ্ষত উপনীত হৈছে। নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) অহৰহ অভিযোগ কৰি আছে যে কংগ্ৰেছে মাতৃ-ভগ্নীৰ মংগলসূত্ৰৰ পৰা আদি কৰি সোণৰ অলংকাৰ কাঢ়ি লৈ মুছলমানৰ মাজত বিতৰণ কৰিবলৈ চেষ্টা চলাইছে।
ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে কংগ্ৰেছে নৰেন্দ্ৰ মোডীৰ ব্যক্তিগত জীৱনৰ ওপৰত প্ৰতি আক্ৰমণ চলায়। কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে মোডীক তিৰস্কাৰ কৰি কয়, “জীৱনত মংগলসূত্ৰক সন্মান নকৰা ব্যক্তিয়ে আজি মংগলসূত্ৰৰ কথা কৈছে।”
উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পৰাই নৰেন্দ্ৰ মোডীয়ে অভিযোগ উত্থাপন কৰি আহিছে যে কংগ্ৰেছৰ ইস্তাহাৰত মুছলমানৰ মাজত ধন বিতৰণৰ কথা আছে। আনহাতে, মধ্যপ্ৰদেশৰ মৰেনা, উত্তৰ প্ৰদেশৰ আগ্ৰাত প্ৰচাৰ চলাওঁতে তেওঁ একে সুৰতে অভিযোগ কৰি কংগ্ৰেছৰ ইস্তাহাৰত মুছলিম লীগৰ ছাঁ আছে বুলি দাবী কৰে।
লগতে কয়, কংগ্ৰেছে মাতৃ-ভগ্নীৰ সঞ্চয়ক লক্ষ্য কৰি লৈছে। কংগ্ৰেছে সোণৰ গহনাৰ পৰা আৰম্ভ কৰি মংগলসূত্ৰলৈকে সকলো বস্তুতে কৰ বহুৱাব বিচাৰিছে।
ইয়াৰ প্ৰত্যাক্ৰমণত কংগ্ৰেছে কয় যে নৰেন্দ্ৰ মোডীয়ে বৰ্তমান ‘৪০০ পাৰ হোৱা’ৰ কথা পাহৰি গৈছে। আনকি তেওঁ ‘মোডীৰ গেৰান্টী’ৰ কথাও কোৱা নাই। বৰঞ্চ তেওঁ ঘৃণনীয় ভাষা ব্যৱহাৰ কৰি মেৰুকৰণ কৰিছে। কাৰণ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত তেওঁ বিপদ অনুভৱ কৰিছে। গতিকে কংগ্ৰেছৰ ইস্তাহাৰক লৈ তেওঁ মিছা কথা কৈছে। মোডীয়ে কম বয়সতে পত্নীক এৰি বিচ্ছিন্ন হোৱাৰ কথা আঙুলিয়াই দি জয়ৰাম ৰমেশৰ কটুক্তি, “নৰেন্দ্ৰ মোডীৰ শ্লোগান ‘সত্যমেৱ জয়তে’ নহয়, ‘অসত্যমেৱ জয়তে’।
জীৱনত মংগলসূত্ৰক সন্মান নকৰা এজন ব্যক্তিয়ে আজি মংগলসূত্ৰৰ কথা কৈছে।” তেওঁ অভিযোগ কৰে যে মোডীৰ দহ বছৰীয়া শাসনৰ ফলস্বৰূপে ডেৰ কোটি পৰিয়ালে নিজৰ সোণ বন্ধকত ৰাখি বেংকৰ পৰা ঋণ ল’বলগীয়া হৈছে। ৰিজাৰ্ভ বেংকৰ এক প্ৰতিবেদন অনুসৰি, দেশৰ পৰিয়ালসমূহৰ ওপৰত এক লাখ কোটি টকাৰ বাকী থকা ঋণৰ বোজা পৰিছে।
ইফালে মোডীয়ে আগ্ৰাত অভিযোগ উত্থাপন কৰে যে কংগ্ৰেছে অ’বিচিৰ বাবে সংৰক্ষিত ২৭ শতাংশ আসন চুৰি কৰি মুছলমানৰ মাজত বিতৰণ কৰাৰ চেষ্টা চলাইছে। জয়ৰামে ইয়াৰ বিপক্ষে অভিযোগত কয় যে মোডীয়ে সংৰক্ষণৰ অন্ত পেলাব বিচাৰে। গতিকে ২০২১ চনত লোকপিয়ল হোৱাৰ কথা আছিল যদিও এতিয়াও লোকপিয়ল সম্পন্ন হোৱা নাই।
জাতিগত লোকপিয়লৰ ক্ষেত্ৰত মোডীৰ আপত্তি ক’ত আছে বুলি প্ৰশ্ন কৰি তেওঁ অভিযোগ কৰে যে মোডীয়ে জনসংখ্যাৰ অংশ অনুসৰি পিছপৰা লোকসকলক সংৰক্ষণ দিব নিবিচাৰে। আনহাতে, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখি কয় যে আপোনাৰ ভাষা শুনি মই আচৰিত বা স্তম্ভিত হোৱা নাই।
আপোনাৰ পৰা নিশ্চিতভাৱে আশা কৰা হৈছিল যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত বিজেপিৰ দুৰ্বল অৱস্থা দেখি আপুনি এই ভাষাত কথা ক’বলৈ আৰম্ভ কৰিব।”
লগতে কংগ্ৰেছৰ ইস্তাহাৰত লিখা নথকা কথাখিনি মোডীয়ে কৈছে বুলি দাবী কৰি খাৰ্গেয়ে মোডীক কয়, “আপোনাৰ উপদেষ্টাসকলে আপোনাক ভুল দিশলৈ লৈ গৈছে।” কংগ্ৰেছে দাবী কৰে যে নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰকৃত সমস্যা যেনে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, আৰ্থিক বৈষম্যৰ পৰা দৃষ্টি আঁতৰাবলৈ চেষ্টা কৰিছে।