২০২১ চনৰ চাৰি ছেপ্তেম্বৰত কাৰবি আংলঙৰ (Karbi Anglong) ছয়টাকে উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিৰ ইচ্ছা প্ৰকাশ কৰি অস্ত্ৰ সম্বৰণ কৰাৰ লগে লগে অনান্য উগ্ৰপন্থী সংগঠনেও (extremist organization) মূল সূতিলৈ ঘূৰি আহিবলৈ ধৰে৷ ক্ৰমান্বয়ে পাহাৰীয়া জিলাখনৰ ডিএনএলএ আৰু আনলা নামৰ উগ্ৰপন্থী সংগঠনে মূল সূঁতিলৈ ঘূৰি অহাৰ পিছত এইবাৰ জিলাখনত আনলাৰ পৰা ফালৰি কাটি সক্ৰিয় হৈ থকা আদিবাসী পিপুলছ লিবাৰেশ্যন আৰ্মি (People’s Liberation Army) চমুকৈ আপলা নামৰ সহস্ৰ উগ্ৰপন্থী সংগঠনটোৱে গণতন্ত্ৰ দিৱসৰ (Republic Day) পূৰ্বে আত্মসমৰ্পন (surrender)ৰ ইচ্ছা প্ৰকাশ (Expression of will) কৰিছে ৷
কাৰবি আংলং জিলাত বাহৰ পাতি থকা সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাৰ (Commander-in-Chief Sahil Munda) এক ভাইৰেল ভিডিঅ’ বাৰ্তাত এই ইচ্ছা জাহিৰ কৰিছে ৷ মুণ্ডাই ভিডিঅ’ বাৰ্তা যোগে কয় যে, আপলা নামৰ সংগঠনটো নতুন সংগঠন নহয় আৰু আনলাৰ আভ়্যন্তৰিণ কাজিয়াৰ ফলত তেওঁলোক আনলাৰ পৰা ফালৰি কাটি সংগঠনটো গঠন ককিছিল ৷
ইতিমধ্যে সংগঠনটোৰ ৯ গৰাকী সদস্যই কাৰবি আংলং জিলা প্ৰশাসনৰ ওচৰত আত্ম সমৰ্পন কৰা বুলি জানিবলৈ দি সংগঠনটোৰ সেনাধ্যক্ষ, অধ্যক্ষ সহ সকলো শীৰ্ষ নেতা সহ মুঠ ৪০ গৰাকী সদস্যই আগন্তুক ২৬ জানুৱাৰীৰ পূৰ্বে আত্ম সমৰ্পনৰ বাবে সাজু বুলি ভিডিঅ’ বাৰ্তাটোত উল্লেখ কৰিছে ৷ সংগঠনটোৰ মূল দাবী চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা, ভূমিৰ পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক নতুন নামাকৰণ কৰা বুলি ভিডিঅ’ বাৰ্তা যোগে মুণ্ডাই জানিবলৈ দিয়ে ৷
আদিবাসী জনগোষ্ঠীৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি চাহিল মুণ্ডাই এই সমগ্ৰ প্ৰক্ৰিয়াত সহায় কৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে ৷