কোভিড-১৯ (Covid-19) মহামাৰীৰ মাজতে প্ৰায় তিনি বছৰৰ ভিতৰত দৈনিক সৰ্বনিম্ন কোভিড-১৯ আক্ৰান্তৰ সংখ্যা (Lowest daily number of COVID-19 cases)। বিগত ২৪ ঘণ্টাত নতুনকৈ ৮৯ জন কোভিডত আক্ৰান্ত হৈছে। মঙলবাৰে পুৱা এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ ।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২০ চনৰ ২৭ মাৰ্চৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে দৈনিক সংক্ৰমিত লোকৰ সংখ্যা হ্ৰাস পাইছে। ১৪০ জন লোক নতুনকৈ আক্ৰান্ত হৈছিল। মুঠতে দেশত এই পৰ্যন্ত ৪,৪৬,৮১,২৩৩ জন লোক কোভিডত আক্ৰান্ত হৈছে। ৫,৩০,৭২৬ জনৰ মৃত্যু। আনহাতে, এই পৰ্যন্ত ৪,৪১,৪৮,৪৭২জন কোভিড ৰোগীয়ে আৰোগ্যলাভ কৰিছে।
মন্ত্ৰালয়ে প্ৰকাশ কৰা বুলেটিন অনুসৰি, বৰ্তমান দেশত ২০৩৫ জন কোভিড ৰোগী আছে। মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি যিটো মুঠ Covid-19 আক্ৰান্তৰ মাত্ৰ ০.০১ শতাংশহে। আনহাতে, সমগ্ৰ দেশতে আৰোগ্যৰ হাৰ ৯৮.৮০ শতাংশলৈ বৃদ্ধি পাইছে।
স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, যোৱা ২৪ ঘণ্টাত দৈনিক সংক্ৰমণৰ হাৰ ০.০৫ শতাংশ। আনহাতে, ইয়াৰ সাপ্তাহিক হাৰ ০.০৯ শতাংশ।