বিষ্ণু তিৱাৰীৰ ঘৰ নেপাল (Nepal) ৰ পোখাৰাত। মাটিত খুন্দা মৰাৰ সময়ত তেওঁ নেপালৰ বিমানখনৰ পিছফালে আছিল। বিমান দুৰ্ঘটনাৰ প্ৰচণ্ড শব্দ শুনি বিষ্ণু লগে লগে কেইজনমান সংগীক লৈ সেই স্থান পায়গৈ। আৰু তাত উপস্থিত হোৱাৰ লগে লগে তেওঁ এটা ভয়ংকৰ অভিজ্ঞতাৰ সাক্ষী হয়। সেই স্থানত উপস্থিত হোৱাৰ লগে লগে বিষ্ণুৱে নিজৰ জীৱন ৰক্ষাৰ বাবে এজন যাত্ৰীৰ কাতৰ আৰ্তনাদ আৰু কান্দোন শুনে।
সেই কান্দোন শুনি তেওঁ নিজকে ৰখাব নোৱাৰিলে। যাত্ৰীজনক বচাবলৈ তেওঁ বিমানখনৰ ফালে দৌৰি যায়। কিন্তু সেই মুহূৰ্ততে বিমানখন জুইৰ শিখা আৰু কʼলা ধোঁৱাই গ্ৰাস কৰিব ধৰে। বিমানৰ ওচৰলৈ গʼলেও অত্যন্ত উত্তাপৰ বাবে তেওঁ আগবাঢ়িব পৰা নাছিল। কেইমিনিটমানৰ পাছত ক্ৰমান্বয়ে যাত্ৰীজনৰ চিঞৰ-বাখৰ বন্ধ হৈ যায়।
বিষ্ণুৰ মতে, “জুইৰ শিখা ইমানেই উত্তপ্ত আছিল যে আমি ধ্বংসাৱশেষৰ কাষ চাপিব পৰা নাছিলো। এজন যাত্ৰীয়ে সহায় বিচাৰি চিঞৰি থকা শুনিলোঁ। কিন্তু জুইৰ শিখা আৰু ধোঁৱাৰ বাবে আমি তেওঁক সহায় কৰিব নোৱাৰিলোঁ। বহুত চেষ্টা কৰিও নোৱাৰিলোঁ।” ইফালে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতে উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হয় আন বহু লোক।
জুই নুমুৱাবলৈ বহু চেষ্টা কৰে। কিন্তু তেতিয়ালৈকে সকলো শেষ হৈ গৈছিল! জনাইছিল বিষ্ণুৱে। উল্লেখ্য, দেওবাৰে পুৱা কাঠমাণ্ডু Kathamandu ৰ পৰা পোখাৰালৈ যোৱাৰ পথত ৭২ জন যাত্ৰীসহ য়েটি এয়াৰলাইন্সৰ এ টি আৰ-৭২ বিমান অৱতৰণৰ কেইছেকেণ্ডমান পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত হয়।
ক্ৰমান্বয়ে আকাশৰ মাজত নিয়ন্ত্ৰণ হেৰুৱায় বিমানখনে। কিছু মুহূৰ্তৰ ভিতৰতে ওলোটা হৈ মাটিত মুখ তল কৰি ভয়ংকৰ শব্দ এটা কৰি সৰি পৰে। অনুমান কৰা হৈছে যে বিমানখনত থকা কোনো যাত্ৰীয়ে এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰা নাই।